--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি ৰাজনৈতিক ক্ষেত্ৰখনত যি বুকা ছটিওৱা ৰাজনীতি পৰিলক্ষিত হৈছে৷ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপট একেবাৰে সুস্থিৰ নহয়৷ শেহতীয়াকৈ ৰেলমন্ত্ৰী ৰৱনীত সিং বিট্টুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেশৰ সৰ্ববৃহৎ সন্ত্ৰাসবাদী বুলি অভিহিত কৰা বিতৰ্কিত মন্তব্যই ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ৰাজনৈতিক উত্তেজনাও বৃদ্ধি কৰিছে৷ 

এখন সংবাদমেলত ৰে’লমন্ত্ৰী ৰৱনীত সিঙে ৰাহুল গান্ধীয়ে শিখ সকল কোনো দলৰ সৈতে জড়িত নহয় বুলি কোৱা মন্তব্যৰ বিৰোধ কৰি কয় যে কৰি ৰাজনৈতিক উদ্দেশ্যে সাধনৰ বাবে শিখ সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিৰ সৈতে খেলি আছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে ৰাহুল গান্ধীৰ মন্তব্যই ৰাষ্ট্ৰীয় ঐক্যৰ ক্ষেত্ৰত ভাবুকি আনিছে বুলি মন্তব্য কৰে আৰু ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দিয়ে বিজেপি নেতা গৰাকীয়ে৷ তেঁও লগতে কয় ৰাহুল গান্ধী ভাৰতীয় নহয়, ৰাহুল গান্ধীয়ে আধিক সমসয় ভাৰতৰ বাহিৰতে কটাইছে৷ তেঁওৰ নিজৰ দেশৰ প্ৰতি ভালপোৱা তেনেই নগন্য৷বিৰোধী নেতাগৰাকীক চঞ্চল বুলিও কটাক্ষ কৰে৷

ৰে’লমন্ত্ৰীগৰাকীৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৰাজনৈতিক মহলত৷এই বক্তব্যৰ পাছত মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে৷বিজেপিৰ সমৰ্থকে ৰে’লমন্ত্ৰীগৰাকীৰ এই বক্তব্যক আদৰণী জনাইছে আনহাতে কংগ্ৰেছ নেতাসকলে ৰৱনীত সিঙৰ মন্তব্য তীব্ৰ উত্তেজনা জনক বুলি সমালোচনা মুখৰ হৈ পৰিছে৷ উল্লেখযোগ্য যে ৰৱনীত সিং বিট্টু এটা সময়ত কংগ্ৰেছৰ সদস্য আছিল সেই সময়ত দয়োজনৰ মাজত মতভেদ পৰিলক্ষিত হৈছিল৷ সম্প্ৰতি এই মতভেদ পুনৰ সজীৱ হৈ পৰাৰ লগতে দুই দলৰ মাজত চলিথকা উত্তেজনা তীব্ৰতৰ কৰি তুলিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?