--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশিষ্ট বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়া মন্তব্যৰ বাবে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।শনিবাৰে নাগপুৰত সাংবাদিকতা বঁটা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট বিজেপি নেতাগৰাকীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এজন জ্যেষ্ঠ বিৰোধী নেতাই প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰদান কৰা প্ৰস্তাৱ নাকচ কৰা বুলি মন্তব্য কৰে৷ 

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে ‘তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো লক্ষ্য নাই৷ তেওঁ কয় যে ‘মই এটা বিশেষ নীতি আদৰ্শ তাথা এক দৃঢ় বিশ্বাসৰ দ্বাৰা পৰিচালিত। দলে মোক সকলোবোৰ দিছে। এনে কোনো প্ৰস্তাৱ সম্পৰ্কে মই কেতিয়াও আশাকৰা নাছিলো।’ বিজেপিৰ প্ৰতি সৎ থাকিব বিচাৰে বুলিও মত প্ৰকাশ কৰে নেতা গৰাকীয়ে।

নেতাগৰাকীয়ে  ঘটনা সন্দৰ্ভত কোনো বিৰোধী নেতাৰ নাম উল্লেখ নকৰাকৈ কয় ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা নাপাব পাৰে বুলি এই প্ৰস্তাৱ আগবঢ়োৱা হৈছিল বুলি সদৰি কৰে৷ তেওঁ সাংবাদিকতা আৰু ৰাজনীতিৰ ক্ষেত্ৰত নৈতিকতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ প্ৰতিপক্ষৰ প্ৰতি সন্মান প্ৰদৰ্শণ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰি এজন জ্যেষ্ঠ চিপিআই কৰ্মীৰ সৈতে হোৱা কথোপকথনৰ বিষয়ে সোঁৱৰে। নিতিন গাডকৰীৰ এই মন্তব্যই ৰাজনৈতিক ক্ষেত্ৰত বিশেষ কৌতুহলৰ সৃষ্টি কৰিছে আৰু নেতাগৰাকীৰ এই বক্তব্য সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?