--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আইপিএলৰ এখন চিনাকী মুখ৷ বহু ক্ৰিকেটপ্ৰেমীৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু তেওঁ৷ খেলপথাৰত এগৰাকী তাৰকাৰ প্ৰদৰ্শনে যিদৰে অনুৰাগীক সুখী অথবা দুখী কৰি তোলে ঠিক একদৰে এইগৰাকী বিশেষ প্ৰতিনিধিৰ প্ৰতিটো অভিব্যক্তিয়ে সুখ অথবা দুখৰ লহৰ তোলে অনুৰাগীৰ অন্তৰত। তেওঁৰ সুখত সুখী, নিৰাশাত নিৰাশ হৈ পৰে অনুৰাগী৷ যেন খেলপথাৰত ননমাকৈয়ে অনুৰাগীৰ আৱেগৰ সৈতে খেলা কৰে তেওঁ। তেওঁ হাঁহিলে যেন বসন্তত পাহি মেলা সেউজীয়া গছপাতৰ দৰে দৰে জিপাল হৈ পৰে বহুতৰে হৃদয়৷ 

আইপিএলৰ অনুৰাগীৰ বাবে তেওঁক নতুনকৈ পৰিচয় কৰাই নিদিলেও হয়৷ বহু তাকৰা খেলুৱৈৰ সমানে জনপ্ৰিয় তেওঁ। তেওঁ হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখ্য কাৰ্যবাহী বিষয়া কাবিয়া মাৰান৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) বিগত কেইবছৰমানৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখ্য কাৰ্যবাহী বিষয়া কাবিয়া মাৰানক 'ৰাষ্ট্ৰীয় ক্ৰাছ' বুলি অভিহিত কৰা হয়। 

২০২২ বৰ্ষটো এতিয়াও কাবিয়াই অনুৰাগীৰ মাজত সমানেই জনপ্ৰিয়তা অৰ্জন কৰিছে৷ যদিও এইবৰ্ষত আনবাৰৰ দৰে প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিব পৰা নাই তেওঁৰ দলটোৱে৷ তথাপি যেন কাবিয়াৰ এপলকৰ চাৱনিয়ে হৃদয় জুৰাইছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সমৰ্থকৰ৷ উল্লেখ্য যে, এছআৰএইচ দলটো ক্ৰমাগত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে৷ শেহতীয়াকৈ সোমবাৰে আই পি এল ২০২২ৰ মেচ নং ১২ ত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ হাতত পৰাজয় হৈছিল। তাৰ পাছতেই নেটিজেন ব্যস্ত হৈ পৰে কাবিয়া মাৰানক লৈ। তেওঁৰ মুখত হতাশাৰ অভিব্যক্তি দেখি আকুল হৈ উঠে বহুতৰে অন্তৰ।

ছান গ্ৰুপৰ মুৰব্বী কালানিধি মাৰানৰ জীয়ৰী কাবিয়া মাৰানৰ আলোকচিত্ৰ সোমবাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ কে এল ৰাহুলৰ এলএছজিৰ হাতত দলটোৱে ১২ ৰাণৰ বাবে পৰাজয় হ'বলগীয়া হয়৷ যাৰফলত কাবিয়াৰ মুখত দেখা যায় হতাশৰ অভিব্যক্তি। এই ফটোখন ভাইৰেল হৈ পৰাত বহু অনুৰাগীয়ে কাবিয়াৰ দুখৰ সমভাগী হৈ তেওঁক শান্ত্বনা দিয়া দেখা যায়। অনুৰাগীয়ে তেওঁক আশ্বাস বাণী শুনাই কয়, 'বেছি চিন্তা নকৰিবা৷ সকলো সময়ত টিক হৈ যাব৷' আন এজনে লিখিছে যে, কাবিয়াই নিশ্চিতভাৱে অধিক ভাল কিবা পোৱা যোগ্য! কেন উইলিয়ামচন, আব্দুল চামাদ, অভিষেক শৰ্মা, উমৰণ মালিক, নিকোলাছ পুৰাণ, ৰাহুল ত্ৰিপাঠী, এডেন মাৰ্ক্ৰাম... অনুগ্ৰহ কৰি কাবিয়াক সুখী কৰক!
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?