--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ সক্ৰিয়তাহীন অৱস্থা আৰু স্থিতাৱস্থাকামী পৰিস্থিতিয়ে এতিয়া হতাশ কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছৰ নতুন প্ৰজন্মক। ইজনৰ পাছত সিজন যুৱ নেতাই দল ত্যাগ কৰি বিকল্প বাছি লোৱাৰ পাছত আন একাধিক যুৱ প্ৰতিনিধিয়ে বিকল্পৰ সন্ধান কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ গান্ধী পৰিয়ালৰ এগৰাকী অতি ঘনিষ্ঠ নেতাৰ পুত্ৰই বিকল্পৰ সন্ধান কৰা বুলি প্ৰকাশ কৰাক লৈ তীব্ৰ চৰ্চা লাভ কৰিছে।

এইবাৰ বিকল্পৰ সন্ধান কৰিছে কংগ্ৰেছৰ এগৰাকী অতি নিষ্ঠাৱান নেতা তথা সভাপতি ছোনিয়া গান্ধীৰ অতি ঘনিষ্ঠ আহমদ পেটেলৰ পুত্ৰই। আহমদ পেটেল আছিল ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব। আহমদ পেটেলৰ পৰামৰ্শক্ৰমেই ছোনিয়াই লৈছিল যিকোনো গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্ত। কিন্তু পিতৃৰ মৃত্যুৰ পাছত এতিয়া যেন দলৰ পৰা সমুচিত আশ্বাস বা আশা দেখিবলৈ পোৱা নাই এইগৰাকী যুৱ প্ৰতিনিধিয়ে। ৪১ বছৰীয়া ফইজল পেটেলে শেহতীয়াকৈ কৰা এটা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। তেওঁ কয় যে, তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰা সম্পৰ্কত এতিয়াও নিশ্চিত হ’ব পৰা নাই। তেওঁ অপেক্ষা কৰি কৰি এতিয়া বিমুখ হৈ পৰিছে বুলিও মন্তব্য কৰিছে।


আহমদ পেটেলৰ পুত্ৰ ফইজল পেটেলে অভিযোগ কৰিছে যে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ পৰা কোনো উৎসাহজনক বাৰ্তা লাভ কৰি তেওঁ হতাশ হৈ পৰিছে। সেইবাবে তেওঁ সকলো বিকল্প খোলা ৰাখিছে। তেওঁ টুইটযোগে কৰা এই মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। তেওঁৰ গৃহৰাজ্য গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়তে তেওঁ ৰাজনৈতিক অভিষেক ঘটাব বুলি চৰ্চা চলিছিল। আৰু এতিয়া বিকল্প কোনো দলৰ হৈ তেওঁ ৰাজনৈতিক পথাৰত নামিব বুলিও এতিয়া চৰ্চা চলিছে। তেওঁ আম আদমী পাৰ্টীৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও এতিয়া চৰ্চা চলিছে।  
শেহতীয়াকৈ তেওঁ আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰাক লৈও বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল। আম আদমী পাৰ্টীয়ে গুজৰাটৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰৱেশ কৰাৰ বাবে চেষ্টা কৰি আছে। এনে পৰিপ্ৰেক্ষিতত গুজৰাটৰ ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ সংকট মোচক হিচাপে পৰিচিত আহমদ পেটেলৰ পুত্ৰ তেওঁলোকৰ বাবে এক সচাৰ কাঠী হিচাপে চিহ্নিত হ’ব পাৰে।
ইফালে, ইজনৰ পাছত সিজন যুৱ নেতাই কংগ্ৰেছত আশাহত হ’বলৈ ধৰাৰ এই পৰম্পৰা অব্যাহত থাকিলে দলটোৰ ভৱিষ্যৎ যে অধিক অনিশ্চিত হৈ পৰিব সেয়া নিশ্চিত। আহমদ পেটেলৰ পুত্ৰই কংগ্ৰেছত কোনো আশা নেদেখা তথা নিৰাপত্তা অনুভৱ নকৰাটোৱে কংগ্ৰেছ দলটোৰ শেহতীয়া স্থিতিকে যেন প্ৰতিপন্ন কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?