--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততেই বিতৰ্কই আগুৰি থকা বিদ্যুৎ বিভাগৰ আন এক আজৱ কাণ্ডই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে৷ উমেদগড় গাঁৱৰ ঘৰুৱা গ্ৰাহক লাভেশ গুপ্তালৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা ৩৫৫ কোটি টকাৰ বিলে স্তম্ভিত কৰি তুলিছে৷ বিলখনত ২৫ দিনত প্ৰায় ৩০ কোটি ইউনিট বিদ্যুৎ খৰচ হোৱা বুলি উল্লেখ কৰা হৈছে। 

৩৫৫ কোটি টকাৰ বিল দেখি বিপাংত পৰিছে উপভোক্তা। উমেদগড় গাঁৱৰ লাভেশ গুপ্তালৈ ৩৫৫ কোটি টকাৰ বিল প্ৰেৰণ কৰা এই বিলখনে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিক প্ৰদৰ্শন কৰিছে৷ ইফালে বসন্ত বিহাৰতো সৰোজ বালা নামৰ এজন উপভোক্তালৈ ৭৮ লাখ ১৬ হাজাৰ ১০০ টকাৰ বিদ্যুৎ বিল আহিছিল। বিদ্যুৎ বিভাগত অভিযোগ কৰাত এতিয়া ৭২৩ টকাৰ বিল লাভ কৰিছে। 

ভুক্তভোগী উপভোক্তা জনে সদৰি কৰা অনুসৰি বিলখনত ৩৩,৯০৪ টকাৰ ফিক্সড চাৰ্জ আৰু ১৯৯ কোটি ৪৯ লাখ ৭২ হাজাৰ ৬৪৮ টকা শক্তি চাৰ্জ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু পৌৰসভাৰ কৰ ৪ কোটি ২৭ লাখ ২০ হাজাৰ ১১৩, ১৪ কোটি ৯ লাখ ৯৯ হাজাৰ ১২৮ টকাৰ ইন্ধন চাৰ্চাৰ্জ এডজাষ্টমেণ্ট, ১৩৪ কোটি ৯৯ লাখ ৯৩ হাজাৰ ৫৪১ টকাৰ পিএলই চাৰ্জ, ২ কোটি ৯৯ লাখ ৯৯ হাজাৰ ৮১৪ টকাৰ বিদ্যুৎ শুল্ক অন্তৰ্ভুক্ত কৰা হৈছে। 

বিলখন দেখাৰ পাছত বিষয়াসকলৰ সৈতে যোগাযোগ কৰি বিলখনৰ বিষয়ে অৱগত কৰে৷ বিদ্যুৎ বিভাগৰ বিষয়াসকলে ইয়াক কাৰিকৰী ভুল বুলি অভিহিত কৰি বিহিত ব্যৱস্থাগ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?