--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰতি বছৰৰ দৰে এইবাৰো ৭ এপ্ৰিলত অৰ্থাৎ আজি সমগ্ৰ বিশ্বতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়।স্বাস্থ্যৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে উদযাপন কৰা হয়। 

এই দিনটোৱে কেৱল চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ বাবেই নহয় সকলোৰে বাবে এটা বিশেষ বাৰ্তা কঢ়িয়াই আনে। 

কিন্তু কেতিয়া পৰা পালন কৰা হৈছিল বিশ্ব স্বাস্থ্য দিৱস। ১৯৪৮ চনৰ ৭ এপ্ৰিলত প্ৰতিষ্ঠা হৈছিল বিশ্ব স্বাস্থ্য সংস্থা, চমুকৈ WHOৰ। আৰু তাৰ পিছতেই ১৯৫০ চনৰ পৰা বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই দিৱসৰ উদ্দেশ্য আছিল স্বাস্থ্য কেৱল চিকিৎসক বা চিকিৎসালয়ৰ দায়িত্ব নহয়, ই আমাৰ নিজৰ অগ্ৰাধিকাৰ হ’ব লাগে ৷ বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে এটা নিৰ্দিষ্ট বিষয়বস্তুৰে পালন কৰা হয়, যিটো বিশ্ব স্বাস্থ্য সংস্থাই সিদ্ধান্ত লয় ৷ এইবাৰো ব্যতিক্ৰম নহয়।

এইবাৰ বিশ্ব স্বাস্থ্য দিৱসৰ থিম হৈছে স্বাস্থ্যকৰ আৰম্ভণি, আশাবাদী ভৱিষ্যৎ। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰসকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক, আঞ্চলিক আৰু স্থানীয় স্তৰত প্ৰতি বছৰে এটি মূল বিষয়বস্তু লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?