--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাৰমাণৱিক চুক্তিৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ সৈতে পোনপটীয়াকৈ এখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে দাবী জনাইছিল। কিন্তু ইৰানে ৰাষ্ট্ৰপতি ট্রাম্পৰ এই দাবী পোনছাটেই নাকচ কৰে আৰু দেওবাৰে পুনৰ কয় যে তেওঁলোকে ওমানৰ জৰিয়তে পৰোক্ষভাৱেহে আমেৰিকাৰ লগত আলোচনাত বহিব। 

উল্লেখযোগ্য যে ইৰানে পাৰমাণৱিক চুক্তি নকৰিলে আমেৰিকাই দেশখনত প্রচণ্ড বোমাবর্ষণ কৰিব বুলি ট্রাম্পে ভাবুকি দিছিল আৰু শেহতীয়াকৈ ইৰানৰ সমীপৰ ভাৰত মহাসাগৰৰ দ্বীপ ডিয়েগ' গাছিয়াত ছখনকৈ শক্তিশালী বি-২ যুদ্ধ বিমান মোতায়েন কৰিছিল। ইৰানৰ এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই শনিবাৰে কয় যে পৰোক্ষ আলোচনাৰ প্ৰস্তাৱটোৰ পৰা ইৰানৰ সৈতে এটা ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আমেৰিকাৰ সদ্ভাৱ প্ৰকাশ পাব। 

ইফালে, আমেৰিকাৰ ভাবুকিৰ সন্দৰ্ভত ইৰানে ইৰাক, কুৱেইট, ইউ এ ই, কাটাৰ, তুৰস্ক আৰু বাহৰেইনলৈও জাননী প্ৰেৰণ কৰে, যাতে তেওঁলোকে মার্কিন আক্রমণক সমর্থন নজনায়। আক্ৰমণৰ সময়ত যদি এই দেশসমূহে মার্কিন সেনাক আকাশী পথো ব্যৱহাৰ কৰিবলৈ দিয়ে, তেনেহ'লে দেশকেইখনৰ পৰিনাম বিষম হ'ব বুলি ইৰানে সকীয়াই দিয়ে। আনহাতে, আমেৰিকাৰ সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেনেই দেশখনৰ সেনাক উচ্চ সতর্কতা অৱলম্বন কৰি যুদ্ধৰ বাবে সষ্টম হ'বলৈ নির্দেশ দিয়ে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?