ডিজিটেল ডেস্কঃ এ এম টেলিভিছন আৰু স্পৃহা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এখন নতুন অসমীয়া ছবি শীতৰে সেমেকা ৰাতি (The winter rain) আজি অৰ্থাৎ শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব ৷
ছবি খনৰ প্ৰযোজনা এ এম টেলিভিছনৰ স্বত্বাধিকাৰ ডঃ সঞ্জীৱ নাৰায়ণ,ডাঃ অক্ষতা নাৰায়ণ আৰু দীপাংকৰ কাশ্যপৰ ৷ ছবিখনৰ পৰিচালক দীপাংকৰ কাশ্যপ ৷ বৃহস্পতিবাৰে মহানগৰীৰ আইদেউ ছবি গৃহত চলচ্চিত্ৰ খনৰ প্ৰিমীয়াৰ শ্ব' মুকলি কৰা হয় ৷
প্ৰিমীয়াৰ শ্ব' মুকলি অনুষ্ঠানত উপস্থিত থাকে ছবি খনৰ প্ৰযোজক ডঃ সঞ্জীৱ নাৰায়ণ , প্ৰযোজক তথা পৰিচালক দীপাংকৰ কাশ্যপৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী ৷ ছবিখন দৰ্শকে আদৰি ল’ব বুলি আশাবাদী প্ৰযোজক-পৰিচালক দীপাংকৰ কাশ্যপ ৷ আনহাতে ছবি খনৰ প্ৰিমীয়াৰ শ্ব' উপভোগ কৰি আপ্লুত উপস্থিত দৰ্শক সকল ৷
শীতৰে সেমেকা ৰাতি ছবিখনত অভিনয় কৰিছে তৃষা শইকীয়া,দীপাংকৰ ৰয়,আঞ্চিত উপাদিত্য,পলাশ্ৰী দাস,দেৱজিৎ চলিহা,হৃষিকেষ দত্ত,ৰিমঝিম ডেকা আৰু পল্লব কৌশিক বৰুৱাই ৷ ছবিখনত অতিথি শিল্পী ৰূপে আছে সিদ্ধাৰ্থ নিপন গোস্বামী আৰু চিমি ৷ ছবিখনৰ চিত্ৰনাট্যকাৰ অভিজিত নায়ক ৷ সম্পাদনা ৰাতুল দত্তৰ আৰু দৃশ্যগ্ৰহণ কৰিছে ৰামজ্যোতি কৃষ্ণচৰণে ৷ ছবিখনৰ গীতবোৰত নৃত্য নিৰ্দেশনা উদয় শংকৰ আৰু অসীম বৈশ্যৰ ৷