--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাছা আৰু স্পেচএক্সে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ মানৱবাহী অভিযান সফলতাৰে আৰম্ভ কৰে। যোৱা জুন মাহৰ পৰা মহাকাশত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক ঘূৰাই অনাৰ বাবে এই অভিযান প্ৰেৰণ কৰা হৈছে।

২৮৭ দিন ধৰি মহাকাশত আবদ্ধ হৈ আছে সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ । উল্লেখ্য যে, ইয়াৰ পূৰ্বে সুনীতাক ঘূৰাই অনাৰ অভিযান বিফল হৈছিল। একে সময়তে বিভিন্ন অভিযান আৰম্ভ কৰাৰ তাৰিখ কেইবাবাৰো সলনি কৰা হৈছিল। যদি সকলো ঠিকে থাকে তেন্তে মহাকাশত প্ৰায় ২৮৭ দিন কটোৱাৰ পাছত সুনীতা উইলিয়ামছে নিৰাপদে পৃথিৱীলৈ উভতি আহিব।

সুনীতা উইলিয়ামছক ঘূৰাই অনাৰ এই অভিযানক Crew-10 নাম দিয়া হৈছে । এই অভিযানত মুঠ ৪ জন মহাকাশচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে।

শনিবাৰে পুৱা ৪:৩৩ বজাত নাছাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্স ফেলকন ৯ ৰকেটত উৰা মাৰিছিল ড্ৰেগন মহাকাশযানখনে। মহাকাশৰ পৰা সুনীতা উইলিয়ামছৰ উভতি অহাৰ বাবে আজি এক অতি গুৰুত্বপূৰ্ণ দিন। আজি (১৬ মাৰ্চ) নাছাৰ মিছন ক্ৰু-১০ মহাকাশ কেন্দ্ৰটোৰ সৈতে সংযোগ কৰিব। ইয়াৰ পিছতেই সুনীতা উইলিয়ামছে মহাকাশৰ পৰা বিদায় ল’ব।

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে,‘ফেলকন ৯ য়ে মহাকাশ কেন্দ্ৰলৈ ড্ৰেগনৰ ১৪ সংখ্যক মানৱ মহাকাশ উৰণ অভিযান ক্ৰু-১০ উৎক্ষেপণ কৰে। ক্ৰু-১০ অভিযানে নাছাৰ মহাকাশচাৰী এন্নে মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, জাপান এৰ’স্পেচ এক্সপ্ল’ৰেচন এজেন্সীৰ (জেএক্সা) মহাকাশচাৰী টাকুয়া অনিছি আৰু ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্ক’ছমছ মহাকাশচাৰী কিৰিল পেস্কোভক আই এছ এছলৈ লৈ যাব।

আই এছ এছৰ দিশে যোৱা মহাকাশযানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত স্বায়ত্তশাসিতভাৱে ডক কৰিবলৈ প্ৰায় ২৮.৫ ঘণ্টা সময় লাগিব। ক্ৰু-১০ কক্ষপথ পৰীক্ষাগাৰত উপস্থিত হোৱাৰ পিছত নাছাৰ স্পেচএক্স ক্ৰু-৯ মিছনে সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক লৈ পৃথিৱীলৈ উভতি আহিব।

প্ৰথমে ১৩ মাৰ্চত উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল কিন্তু ৰকেটৰ গ্ৰাউণ্ড চাপৰ্ট ক্লেম্প আৰ্মৰ হাইড্ৰলিক ব্যৱস্থাৰ সমস্যাৰ বাবে উৎক্ষেপণৰ এঘণ্টাৰ আগতে বাতিল কৰিবলগীয়া হয় ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?