--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হঠাৎ অসুস্থ অস্কাৰ বিজয়ী সংগীতশিল্পী এ আৰ ৰহমান ৷চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে সংগীতশিল্পী এ আৰ ৰহমানক। য'ত তেওঁৰ ইচিজি আৰু ইকোকাৰ্ডিঅ'গ্ৰামৰ দৰে পৰীক্ষা কৰা হৈছে। হঠাতে বুকুৰ বিষ অনুভৱ কৰিছিল সংগীতশিল্পীগৰাকীয়ে । বিষ বাঢ়ি অহাত দেওবাৰে পুৱা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

দেওবাৰে পুৱা চেন্নাইৰ গ্ৰীমছ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় এ আৰ ৰহমানক । পুৱা প্ৰায় ৭.৩০ বজাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। বিশেষ চিকিৎসকৰ এটা দলে তেওঁক চোৱা-চিতা কৰি আছে। তথ্য অনুসৰি তেওঁৰ এঞ্জিওগ্ৰাম কৰিব লাগিব পাৰে। বিদেশৰ পৰা অহাৰ পাছত তেওঁ প্ৰথমে ডিঙিৰ বিষ অনুভৱ কৰিছিল ৷ 

কেতিয়া ডিচচাৰ্জ হ’ব এ আৰ ৰহমান?

তথ্য অনুসৰি শেহতীয়াকৈ লণ্ডনৰ পৰা উভতি আহিছে সংগীতশিল্পী এ আৰ ৰহমান। তেওঁ ৰমজানৰ ৰোজাও পালন কৰি আছে যাৰ বাবে তেওঁ অতি দুৰ্বল অনুভৱ কৰিছিল। এনে পৰিস্থিতিত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান তেওঁৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত হোৱাৰ বাবে চিকিৎসকে তেওঁৰ সকলো প্ৰয়োজনীয় পৰীক্ষা কৰি আছে। সূত্ৰ অনুসৰি যদি সকলো ঠিকে থাকে তেন্তে সন্ধিয়াৰ ভিতৰত তেওঁক ডিচচাৰ্জ দিয়া হ’ব।


অস্কাৰ বিজয়ী সংগীত সুৰকাৰ এ আৰ ৰহমানে ২০২৪ চনৰ নৱেম্বৰ মাহত ছাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদ কৰে। বিবাহৰ ২৯ বছৰৰ পাছত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে গায়িকাগৰাকীয়ে এক্সৰ পোষ্টত । তেওঁৰ তিনিটা সন্তান ৰহিমা, খাটিজা আৰু আমিন আৰু বিবাহ বিচ্ছেদৰ সময়ত তেওঁৰ সন্তানেও এই কঠিন সময়ত নিজৰ গোপনীয়তাৰ যত্ন ল’বলৈ সকলোকে আহ্বান জনাইছিল।


এ আৰ ৰহমানে সংগীত কৰা দুখন ছবি এইবাৰ মুক্তি পাইছে। বিকি কৌশলে মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁৰ ছবি ‘ছাৱা’ই ৰূপালী পৰ্দাত খলকনিৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও তামিল ছবি ‘কধলিকা নেৰমিল্লাই’ও মুক্তি লাভ কৰিলে। এ আৰ ৰহমানৰ আগন্তুক ছবি মণি ৰত্নমৰ ‘থাগ লাইফ’ য’ত কমল হাছানক মুখ্য চৰিত্ৰত দেখা যাব। এই ছবিখন ১০ জুনত মুক্তি লাভ কৰিব। ইয়াৰ উপৰিও তেওঁ ‘লাহোৰ ১৯৪৭’, ‘তেৰে ইছক মেইন’, ‘ৰামায়ণ’ ধাৰাবাহিক, ৰাম চৰণৰ আৰ চি ১৬ আৰু ‘গান্ধী টকছ’ আদি ছবিৰ অংশ হিচাপেও কাম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?