--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। তেওঁ ভাৰতীয় ক্ৰিকেট দলক চেম্পিয়নছ ট্ৰফীত জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। অৱশ্যে এই সময়ছোৱাতো মৌলানা ছাহাবুদ্দিনে ক্ৰিকেটাৰ মহম্মদ শ্বামীক পৰামৰ্শ দিবলৈ এৰা নাই। মৌলানাই কয় যে ক্ৰিকেট খেল খেলি থাকোঁতে শ্বামীয়ে যিবোৰ ৰোজা এৰি থৈ গৈছে সেইবোৰ আগুৱাই নিব লাগে আৰু ইছলামৰ নীতি-নিয়ম মানি চলিব লাগে।

উল্লেখ্য যে বৰেলীৰ অল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ শ্বামীয়ে ৰোজা পালন নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ৰমজানত ৰোজা নাৰাখি শ্বামীয়ে অপৰাধ সংঘটিত কৰিছে। ইয়াৰ বাবে তেওঁ আল্লাহৰ ওচৰত ক্ষমা খোজা উচিত। 

দেওবাৰে চেম্পিয়নছ ট্ৰফীত ভাৰতীয় ক্ৰিকেট দলে জয়লাভ কৰাৰ পিছত মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে টিম ইণ্ডিয়াক অভিনন্দন জনাই সুখ প্ৰকাশ কৰে। লগতে মহম্মদ শ্বামীক পৰামৰ্শ দি তেওঁ কয় যে ক্ৰিকেটৰ সময়ত ৰৈ যোৱা ৰোজা আগবঢ়াই নিব লাগে। ইছলামৰ নিয়ম সন্দৰ্ভত ৰাইজৰ মাজত শ্বামীয়ে এটা ভাল বাৰ্তা দিব লাগে।

টিম ইণ্ডিয়াক জয়ৰ বাবে অভিনন্দন জনাই তেওঁ কয় যে টিম ইণ্ডিয়াই সফলতা অৰ্জন কৰাত মই সুখী। এই সফলতাৰ বাবে টিম ইণ্ডিয়াৰ অধিনায়ক, সকলো খেলুৱৈ আৰু মহম্মদ শ্বামী চাহেবক অন্তৰৰ পৰা অভিনন্দন জনাইছো। 

মৌলানাই লগতে কয় যে ৰোজা ৰাখিব নোৱাৰা মহম্মদ ছামীয়ে ৰমজান শ্বৰীফৰ পিছত ৰোজা ৰাখিব লাগে। ঘৰলৈ উভতি গ’লে পৰিয়ালৰ লোকক বুজাব লাগে যে শ্বৰীয়তক ঠাট্টা কৰিব নালাগে। শ্বৰিয়তৰ বিধানসমূহ যিকোনো মূল্যতে মানি চলিব লাগে। আল্লাহ আৰু ৰচুলক ভয় কৰিব লাগে, নহ’লে এদিন নহয় এদিন আমি প্ৰলয়ৰ সন্মুখীন হ’ব লাগিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?