--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনে অধিক ক্ষিপ্র তথা প্ৰবল ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞানীসকলে এই কথা প্রকাশ কৰিছে। বতৰ বিজ্ঞানীসকলে লগতে এই বুলিও আশংকা প্রকাশ কৰিছে যে জলবায়ু পৰিৱৰ্তন ইমানেই শক্তিশালী হৈ পৰিছে যে শীত নমাই অনাত সহায় কৰা লা নিনোৰ প্ৰভাৱো দুৰ্বল হৈ পৰিব। ফলত এইবাৰ দেশত প্রচণ্ড গৰমে দহাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতে পূৰ্বৰ পৰা প্রাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। 

এনে অৱস্থাত বতৰ বিজ্ঞানীসকলে এই বুলি সতর্কবাণী শুনাইছে যে অনাগত মাহবোৰত গ্রীষ্ম প্ৰৱাহৰ প্রকোপ অধিক বৃদ্ধি পাব। ইয়াৰ লগতে বতৰৰ সৈতে জড়িত অপ্রত্যাশিত ঘটনা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশ্ব বতৰ বিজ্ঞান সংগঠনে (ডব্লিউ এম অ') এই ভৱিষ্যদ্বাণী কৰিছে। ডব্লিউ এম অ'ৰ মতে বতৰ শীতল কৰাত সহায় কৰা এল নিনোৰ প্ৰভাৱ ক্ৰমাৎ দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে আৰু অহা বছৰ ইয়াৰ প্ৰভাৱৰ অন্ত পৰিব পাৰে। ইয়াৰ অৰ্থ হ'ল অত্যধিক গৰমৰ পৰা হাত সৰাৰ বাবে আমাৰ হাতত প্রাকৃতিক সুৰক্ষা কৱচ নাথাকিব। ই জলবায়ু পৰিৱৰ্তনৰ এক ভয়াৱহ ইংগিত বুলি কোৱা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে চলিত বছৰত আগতীয়াকৈ গৰম পৰাৰ আৰু তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ অধিক হোৱা তথা দীঘলীয়া সময় গ্রীষ্ম প্ৰৱাহ চলি থাকিব বুলি আগলি বতৰা দিছে। বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি, জলবায়ু পৰিৱৰ্তনে দ্রুত গতিত গৰমৰ দিন বৃদ্ধি কৰা আৰু বসন্ত কাল চমু হৈ পৰাৰ ইংগিত দিছে। 

বিজ্ঞানীসকলে কৰা অনুমান মতে, অনাগত গ্রীষ্ম প্ৰৱাহ অধিক তীব্র, দীঘলীয়া আৰু একেৰাহে চলিব। মাত্রাধিক গৰমে মানুহৰ স্বাস্থ্য, খেতি-বাতি আৰু সমগ্ৰ পৰিৱেশতন্ত্ৰক বিধ্বস্ত কৰি পেলাব পাৰে। বম্বে আই আই টিৰ পৃথিৱী প্রণালী বৈজ্ঞানিক তথা অধ্যাপক ৰঘু মুর্তুগুড্ডেই কয় যে তেওঁ ডিচেম্বৰ-ফেব্ৰুৱাৰী সময়ছোৱাত গৰম আৰু শীতৰ তাপমানৰ বিসংগতি এক বিশ্ব পৰ্যায়ৰ প্ৰৱাহ দেখা পাইছে। ই জেট প্ৰৱাহৰ সৈতে জড়িত। জেট প্ৰৱাহ হ'ল বায়ুমণ্ডলৰ ওপৰৰ তৰপত প্ৰৱাহিত হোৱা বেগী বতাহ। এই বতাহ উত্তৰ আৰু দক্ষিণলৈ বলে আৰু বতৰ প্ৰভাৱিত কৰে। আনহাতে প্রতিষ্ঠানটোৰ এগৰাকী জলবায়ু বিজ্ঞানীয়ে প্রকাশ কৰা মতে, বাৰিষাৰ আগতেই এই বতাহৰ উত্তৰ দিশত পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে, যিটো গ্ৰীষ্ম প্ৰৱাহৰ সৈতে জড়িত।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?