--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাত  ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীক লৈ সমগ্ৰ দেশতে উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰিব। ৰাম মন্দিৰৰ উদ্বোধনী উৎসৱৰ সৈতে সংগতি ৰাখি বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)কে ধৰি বহুতো দল- সংগঠনে দেশত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি আছে। এই কাৰ্যসূচী কেতবোৰত  মুছলমান লোকসকলকো সামৰি লোৱাৰ চেষ্টা চলোৱা  হৈছে।

 বিজেপিৰ সংখ্যালঘু মৰ্চাই ৰাম মন্দিৰৰ উদ্বোধনীৰ দিনা দেশৰ  দৰগাহত দেৱালী কাৰ্যসূচী পালন কৰিবলৈ মুছলমান লোকসকলক আহ্বান জনাইছে। আৰু আৰ এছ এছৰ মুছলমান মঞ্চৰ সদস্যসকলেও  মুছলমানসকললৈ একতাৰ বাৰ্তা প্ৰেৰণ কৰি সেই দিনটোত আবতৰীয়া দীপাৱলী পালনৰ আহ্বান জনাইছে। বিজেপিৰ সংখ্যালঘু শাখাই এক  অভিযান আৰম্ভ কৰিব য'ত ঐতিহাসিক জামা মছজিদ আৰু নিজামুদ্দিন আউলিয়া দৰগাহকে ধৰি দিল্লীৰ দৰগাহ আৰু মছজিদত চাকি জ্বলোৱা হ'ব। মৰ্চাৰ মুৰব্বী জামাল চিদ্দিকীয়ে কয়  যে শাখাটোৱে এনে ধৰণৰ ৩৬ টা পবিত্ৰ স্থান বাছনি কৰিছে।

চিদ্দিকীয়ে কয় "সেই বিশেষ দিনটো উদযাপন কৰিবলৈ আমি জামা মছজিদ, নিজামুদ্দিন দৰগাহ, কুতুব মিনাৰকে  ধৰি সমগ্ৰ দিল্লীৰ ৩৬ টা  দৰগাহ আৰু বিখ্যাত মছজিদত দেৱালী উদযাপনৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছো। এই অভিযান ১২ ৰ পৰা ২২ জানুৱাৰীলৈ চলিব আৰু সমগ্ৰ দেশতে চাকি জ্বলোৱাৰ কাৰ্যসূচীও  থাকিব।

তেওঁ লগতে কয় "বহু ৰাজ্যৰ পৰা মুছলমান মঞ্চৰ সদস্যসকলে ৰাম মন্দিৰ চাবলৈ আহি আছে। তেনেদৰে  বেছিভাগ লোক মধ্য প্ৰদেশৰ পৰা অহা লোক হ’ব, আনহাতে জম্মু-কাশ্মীৰৰ বহু মুছলমান  লোকেও  যোগদান কৰিব’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?