ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়ে কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা ড’নাল্ড ট্ৰাম্প চৰকাৰে গ্ৰহণ কৰিব আৰু এটা কঠোৰ সিদ্ধান্ত ৷
এইবাৰ পাকিস্তান আৰু আফগানিস্তানৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ তৎপৰ হৈছে ট্ৰাম্প চৰকাৰ ৷ আমেৰিকাৰ এক সংবাদপত্ৰই প্ৰকাশ কৰা অনুসৰি এসপ্তাহৰ ভিতৰতেই পাকিস্তান আৰু আফগানিস্তানকে ধৰি আৰু কেইখনমান ৰাষ্ট্ৰৰ ওপৰত জাৰি কৰা হ’ব আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা ৷
আমেৰিকাৰ নিৰপত্তা সুনিশ্চিত কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰা হৈছে সংবাদপত্ৰত ৷ সন্ত্ৰাসবাদ বিৰোধী অভিযানত তালিবানি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাত পাকিস্তানে সহায় কৰা বুলি ধন্যবাদ জনাই এতিয়া পাকিস্তানী নাগৰিকক আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিব ওলাইছে ডনাল্ড ট্ৰাম্পে ৷
আমেৰিকাই ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব বিচৰা সিদ্ধান্তকলৈ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ