--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীক দোষাৰোপ কৰি এগৰাকী স্বামীৰ আত্মহত্যা। মুম্বাইৰ ভিলে পাৰ্লে অঞ্চলৰ এখন ফাইভ ষ্টাৰ হোটেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে নিশান্ত ত্ৰিপাঠী নামৰ ৪১ বছৰীয়া এনিমেটৰ এগৰাকীয়ে। এই পদক্ষেপ লোৱাৰ পূৰ্বে নিশান্তই নিজৰ কোম্পানীৰ ৱেবছাইটত এখন ছুইচাইড নোট পোষ্ট কৰিছিল, য’ত তেওঁ পত্নী অপূৰ্বা পাৰিক আৰু তেওঁৰ পেহীয়েকক আত্মহত্যাৰ বাবে জগৰীয়া কৰি গৈছে।

মুম্বাইৰ পালঘৰৰ বাসিন্দা নিশান্তই আত্মহত্যাৰ তিনিদিন পূৰ্বে ভিলে পাৰ্লেৰ এখন হোটেলত বাহৰ পাতিছিল। ছুইচাইড নোটত নিশান্তই পত্নীক উদ্দেশ্যি কৰি লিখিছিল - ''হাই বেবী, তুমি এইখিনি কথা পঢ়াৰ সময়লৈকে মই নোহোৱা হৈ যাম।' শেষ মুহূৰ্তত তোমাক ঘৃণা কৰিব পাৰিলোহেঁতেন, কিন্তু মই তেনেকুৱা কৰা নাই। এই মুহূৰ্তৰ বাবে মই কেৱল প্ৰেম বাছি লৈছোঁ। মই আগতে তোমাক ভাল পাইছিলোঁ, এতিয়াও তোমাক ভাল পাওঁ আৰু প্ৰতিশ্ৰুতি দিয়াৰ দৰে মোৰ প্ৰেম কেতিয়াও কমি নাযায়।''

মোৰ মায়ে জানে যে মোৰ আন সমস্যাবোৰৰ বাহিৰেও মোৰ মৃত্যুৰ বাবে তুমি (অপুৰ্বা) আৰু তোমাৰ পেহী প্ৰাৰ্থনাও দায়ী। সেয়ে এতিয়া মাৰ ওচৰলৈ নাযাবলৈ হাত যোৰ কৰি অনুৰোধ জনাইছোঁ। ইতিমধ্যেই মোৰ মাৰ সম্পূৰ্ণ হৃদয় ভাঙি গৈছে, তেওঁক এতিয়া শান্তিত শোক প্ৰকাশ কৰিবলৈ দিবা।

ছুইচাইড নোটৰ শেষত নিশান্তই পত্নীৰ বাবে এটা কবিতাও লিখিছিল, য’ত তেওঁ নিজৰ প্ৰেম প্ৰকাশ কৰিছিল।

উল্লেখ্য যে আত্মহত্যা কৰাৰ পূৰ্বে নিশান্তই কোঠাটোৰ দুৱাৰত ‘Do Not Disturb’ বুলি এখন ফলক লগাই দিছিল। কেইবা ঘণ্টা ধৰি দুৱাৰখন নোখোলা বাবে হোটেলৰ কৰ্মচাৰীয়ে মাষ্টাৰ চাবিৰে দুৱাৰখন খুলিলে আৰু ভিতৰত তেওঁৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীৰ তদন্তৰ সময়ত নিশান্তৰ চুইচাইড নোট তেওঁৰ কোম্পানীৰ ৱেবছাইটত উদ্ধাৰ হয়। কানপুৰত বাস কৰা নিশান্তৰ মাতৃয়ে বোৱাৰী অপূৰ্বা আৰু পেহীয়েক প্ৰাৰ্থনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অপূৰ্বাৰ বিৰুদ্ধে বিএনএছ ধাৰা ১০৮ (আত্মহত্যাৰ সহায়)ৰ অধীনত গোচৰ ৰুজু কৰিছে।

মৃত নিশান্তৰ মাতৃ নীলম ত্ৰিপাঠী কানপুৰৰ বাসিন্দা। তেওঁ আৰক্ষীক জনায় যে নিশান্তৰ পত্নীৰ পূৰ্বেও এবাৰ বিয়া হৈছিল আৰু বিবাহ বিচ্ছেদ হৈছিল। ইয়াৰ পিছত অপূৰ্বাই নিশান্তক এটা পাৰ্টিত লগ পাইছিল য'ত তেওঁলোকৰ চিনাকি হৈছিল। ইয়াৰ পাছত দুয়ো দুয়োৰে প্ৰেমত পৰে আৰু বিবাহপাশত আৱদ্ধ হয় কিন্তু দুয়োৰে মাজত সম্পৰ্ক ভাল নহ’ল আৰু দুয়োৰে বিবাহ বিচ্ছেদ হ’বলৈ ওলাইছিল। অৱশেষত পত্নীৰ দ্বাৰা অতীষ্ঠ হৈ আত্মহত্যাৰ পথ বাচি লয় নিশান্ত ত্ৰিপাঠীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?