--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ অপৰাধ অনুসন্ধান শাখাত আজি অৰ্থাৎ শুক্ৰবাৰে উপস্থিত হ'ল জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া ৷ সুৰক্ষাৰ মাজেৰে অপৰাধ অনুসন্ধান শাখালৈ লৈ যোৱা হয় ইউটিউবাৰগৰাকীক ৷ বৰ্তমান অপৰাধ ইউটিউবাৰগৰাকীৰ চলি আছে জেৰা ৷ বৃহস্পতিবাৰে গুৱাহাটী আহি উপস্থিত হৈছিল ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া ৷

উল্লেখ্য যে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ সময়ত এলাহবাদিয়াৰ সৈতে আছিল তেওঁৰ অধিবক্তা । আৰক্ষীৰ দলটোৰ নেতৃত্বত থকা যুটীয়া আয়ুক্ত অংকুৰ জৈনে জেৰা কৰে ইউটিউবাৰজনক ।

ৰণবীৰে এগৰাকী প্ৰতিযোগীক উদ্দেশ্যি পিতৃ-মাতৃৰ সম্পৰ্কক লৈ কৰা অশালীন মন্তব্যৰ পাছতে সমগ্ৰ দেশতে সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ইয়াৰ পাছতে এলাহবাদিয়াৰ বিৰুদ্ধে কেইবাখনো এফআইআৰ দাখিল কৰা হৈছিল।

আনহাতে, এলাহবাদিয়াক যদিও উচ্চতম ন্যায়ালয়ে গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল, তথাপিও তেওঁৰ মন্তব্যক “অশ্লীল” বুলি অভিহিত কৰিছিল উচ্চতম ন্যায়ালয়ে । লগতে তেওঁৰ এটা “লেতেৰা মন” আছে যিয়ে সমাজখনক লজ্জিত কৰিছে বুলি কৈছিল উচ্চতম ন্যায়ালয়ে ।

যোৱা ২৭ ফেব্ৰুৱাৰীত এই গোচৰৰ সন্দৰ্ভত আন এজন ইউটিউবাৰ আশীষ চাঞ্চলানীক জেৰা কৰিছিল গুৱাহাটী আৰক্ষীয়ে । যোৱা ১৮ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে চাঞ্চলানীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

যোৱা ১০ ফেব্ৰুৱাৰীত গুৱাহাটী আৰক্ষীয়ে পঞ্জীয়ন কৰা এফআইআৰত ভাৰতীয় ন্যায় সন্থা (বিএনএছ), আইটি আইন, চিনেমাট’গ্ৰাফ আইন আৰু মহিলাৰ অশ্লীল প্ৰতিনিধিত্ব (নিষেধাজ্ঞা) আইনৰ সংশ্লিষ্ট ধাৰাত মুঠ ৫জন ইউটিউবাৰৰ নাম উল্লেখ কৰা হৈছিল।

এলাহবাদিয়া আৰু চাঞ্চলানীৰ বাহিৰেও এই গোচৰত নাম উল্লেখ কৰা আন কেইজন হ’ল সময় ৰাইনা, যশপ্ৰীত সিং আৰু অপূৰ্বা মাখিজা।

ইণ্ডিয়াজ গট লেটেণ্ট শ্ব’ত অশ্লীলতাক প্রশ্রয় দিয়া বাবে উল্লেখিত ইউটিউবাৰকেইগৰাকীৰ বিৰুদ্ধে অপৰাধ শাখাৰ চাইবাৰ থানাত ৩/২০২৫ নম্বৰত ৰুজু কৰা হৈছিল গোচৰ । এই গোচৰৰ ভিত্তিত ২৭ ফেব্ৰুৱাৰীত আশীষ চঞ্চলানী অপৰাধ অনুসন্ধান শাখাত উপস্থিত হৈছিল । তেওঁক প্ৰায় ৫ ঘণ্টা জেৰা চলোৱাৰ পিছত যাবলৈ দিয়া হয় ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?