ডিজিটেল ডেস্ক: ভাৰতীয় ডাক সেৱা ৷ চিঠি আদান প্ৰদান কৰা এক মাধ্যমৰ ওপৰিও বিভিন্ন সুবিধা প্ৰদান কৰা এক প্ৰতিষ্ঠান ৷ যিসকল বিনিয়োগকাৰীয়ে নিৰাপদ বিনিয়োগ আৰু নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেওঁলোকৰ বাবে ডাকঘৰ এটা উত্তম বিকল্প। বেংকৰ দৰেই বহু আঁচনি ডাকঘৰতো উপলব্ধ। দীৰ্ঘম্যাদী বিনিয়োগকাৰীৰ বাবে ডাকঘৰৰ এটা বিশেষ আঁচনি হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। এই আঁচনি বেংকতো উপলব্ধ।

পিপিএফে ৭.১ শতাংশ হাৰত সুত দিয়ে। এই আঁচনিখনত বছৰি নূন্যতম ৫০০ টকা আৰু সৰ্বাধিক ১.৫ লাখ টকা বিনিয়োগ কৰিব পাৰিব। ইচ্ছা কৰিলে এই আঁচনিৰ জৰিয়তে ভাল পৰিমাণ যোগ কৰিব পাৰে। এই আঁচনিৰ জৰিয়তে আপুনিও কৰ সুবিধা লাভ কৰিব পাৰিব।
কৰ সঞ্চয়ৰ দৃষ্টিকোণৰ পৰাও পিপিএফক উন্নত আঁচনি বুলি গণ্য কৰা হয়। ইয়াত প্ৰতি বছৰে জমা কৰা ধনৰ ওপৰত কোনো কৰ নাথাকে, প্ৰতি বছৰে এই ধনৰ ওপৰত লাভ কৰা সুত আৰু মেচিউৰিটিৰ সময়ত লাভ কৰা সমগ্ৰ ধনৰাশি কৰমুক্ত।

যদি আপুনি ইচ্ছা কৰে তেন্তে প্ৰতিদিনে নূন্যতম পৰিমানৰ ধন সঞ্চয় কৰি ডাঙৰ ধন ৰাহি কৰিব পাৰিব। যদি আপুনি প্ৰতিমাহে ৭৫০০ টকা বিনিয়োগ কৰে তেন্তে প্ৰতিদিনে ২৫০ টকা ৰাহি কৰিব লাগিব। সেই অনুসৰি আপুনি পিপিএফ আঁচনিত বছৰি ৯০ হাজাৰ টকা বিনিয়োগ কৰিব। পিপিএফ হৈছে ১৫ বছৰীয়া আঁচনি। এনে পৰিস্থিতিত যদি আপুনি পিপিএফ কেলকুলেটৰ অনুসৰি হিচাপ কৰে তেন্তে ৯০ হাজাৰ টকাৰ ভিত্তিত আপুনি ১৫ বছৰত মুঠ ১৩,৫০,০০০ টকা বিনিয়োগ কৰিব। ইয়াৰ ওপৰত আপুনি ৭.১ শতাংশ হাৰত সুত হিচাপে ১০,৯০,৯২৬ টকা পাব আৰু ১৫ বছৰৰ পাছত ২৪,৪০,৯২৬ টকা পাব।