--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদ হৈছে লাড়ু ৷ এই লাড়ু মাছৰ তেল আৰু পশুৰ চৰ্বিৰে বনোৱাৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে এক হুলস্থুলৰ সৃষ্টি হৈছে দেশত। এই ঘটনাৰ সন্দৰ্ভত ৯ জনীয়া এছআইটি দল গঠন কৰা হৈছে যিয়ে এতিয়া এই বিষয়টোৰ তদন্ত কৰিবলৈ ওলাইছে। এই বিষয়টোক লৈ বহু দিন ধৰি বিতৰ্কৰ সৃষ্টি হৈছে, কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷


Tirupati Laddu Controversy: 6 Important Questions That Every Devotee Is  Asking - Oneindia News
 

অৱশ্যে এই বিষয়টোত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। তেওঁ দাবী কৰিছে যে তিৰুপতি প্ৰসাদৰ বাবে ব্যৱহাৰ কৰা ঘিউ পশুৰ চৰ্বিৰ সৈতে মিহলি হৈ আছে। লেবৰ ৰিপৰ্টৰ উদ্ধৃতি দি তেওঁ এই কথা উল্লেখ কৰে। তেতিয়াৰ পৰাই এই বিষয়টোৱে গতি লাভ কৰিবলৈ আৰম্ভ কৰিলে আৰু এই বিষয়ত ৰাজনীতিও আৰম্ভ হ’ল। কিছুদিন পূৰ্বে আনকি অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীৰ বাবে অৰ্ডাৰ দিয়া লাড়ুবোৰ কেৱল তিৰুপতিৰ পৰা অহা বুলিও কোৱা হৈছিল। এই কাৰণতে কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ গুৰুত্ব বুজি পায় আৰু এতিয়া ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহন কৰিলে SIT গঠন কৰাৰ ৷


IPS officer to head SIT for probing Tirupati laddu case | Latest News India  - Hindustan Times

এই প্ৰসাদৰ সন্দৰ্ভত এক প্ৰতিবেদনত কোৱা হৈছে যে বিশেষ পাকঘৰত এই প্ৰসাদ প্ৰস্তুত কৰা হয়, অন্ধ্ৰ প্ৰদেশত ইয়াক পটু বুলি জনা যায়। এই প্ৰসাদ বনোৱাৰ দায়িত্বও এটা বিশেষ শ্ৰেণীক দিয়া হয় যিসকলে বিগত কেইবা শতিকা ধৰি এই কাৰ্য কৰি আহিছে, অৰ্থাৎ তেওঁলোকৰ বাবে ই সংস্কৃতিৰ এটা অংশ হৈ পৰিছে। উল্লেখ্য যে এই প্ৰসাদ বনোৱা সকলক মাত্ৰ এটুকুৰা কাপোৰ পিন্ধিবলৈ দিয়া হয়। এই প্ৰসাদ বনাবলৈ ঘিউৰ উপৰিও আটা, চেনি, কাজু বাদাম, ইলাচি, কৰ্ফূৰ আৰু কিচমিচ ব্যৱহাৰ কৰা হয়। এই প্ৰসাদ ইমানেই বিশেষ যে ২০১৪ চনত ই জিআই টেগ লাভ কৰিবলৈ সক্ষম হয় ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?