নতুন দিল্লীঃ কেইদিনমান আগতে এটা ডাঙৰ ৰঙালাওৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এইবাৰ সংবাদ শিৰোনাম দখল কৰিছে এটা আলু ই। পথাৰৰ পৰা শস্য চপাবলৈ গৈ হতচকিত কৃষকদম্পতি। বিশাল আয়তনৰ এটা আলুক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় ৮ কিঃগ্ৰাঃ ওজনৰ এই আলুটোৱে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ আলু বুলিও দাবী নিউজিলেণ্ডৰ কৃষক দম্পতীৰ। জানিবলৈ পোৱা মতে, নিউজিলেণ্ডৰ হেমিল্টনৰ খেতিয়ক দম্পতী কলিন আৰু ডোনা ক্ৰেগ-ব্ৰাউনে খেতিপথাৰত কাম কৰি আছিল।
মাটি খনন কৰি থাকোতে হঠাতে কলিনৰ কোৰত এটা বস্তু লাগি ধৰে। বস্তুটো নো কি? মাটি খনন কৰি বস্তুটো উঠোৱাৰ পাছত কৃষক দম্পতিয়ে বৃহদাকাৰৰ আলুটো দেখিবলৈ পায়! ডোনাই কয়, ‘আমি বিশ্বাস কৰিব পৰা নাছিলো যে এইটো এটা আলু! দেখিবলৈ একা বেঁকা, ক'লা, বৃহদাকাৰ। ফাৰ্ম গেৰেজলৈ নি ওজন কৰাত আলুটিৰ ওজন প্ৰায় ৭.৯ কিলোগ্ৰাম আছিল। কলিন আৰু ডোনা ক্ৰেগ-ব্ৰাউন দম্পতীয়ে দাবী কৰে যে, তেওঁলোকৰ পথাৰৰ পৰা লাভ কৰা এই আলুটো পৃথিৱীৰ আটাইতকৈ বৃহদাকাৰ আলু হিচাপে স্বীকৃতি দিব পাৰি। কিয়নো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ আলুটোৰ ওজন এতিয়ালৈকে ৫ কিঃগ্ৰাঃতকৈ কম। অৱশ্যে, নিউজিলেণ্ডৰ দম্পতীহালে গিনিছ কৰ্তৃপক্ষক তেওঁলোকৰ পথাৰৰ পৰা লাভকৰা ডাঙৰ আলুৰ সৰ্বাধিক ওজন চিনাক্ত কৰিবলৈ আনুষ্ঠানিক আবেদন জনাইছে। গিনিছ কৰ্তৃপক্ষই এতিয়ালৈকে এই সন্দৰ্ভত তেওঁলোকৰ সিদ্ধান্তৰ কোনো প্ৰতিবেদন দিয়া নাই।