--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : আজৱ পৃথিৱীৰ গজৱ কাহিনী। নেজৰ সৈতে জন্মলাভ কৰা এটি শিশুক লৈ এতিয়া জন্ম হৈছে অন্তহীন কৌতূহলৰ। সাক্ষাৎ যেন পৱন পুত্ৰ হনুমানৰ আবিৰ্ভাৱ! ২০নিযুত বছৰ পূৰ্বে হনুমানৰ নেজ হেৰুৱাই পেলাইছিল জীৱ শ্ৰেষ্ঠই। সুদীৰ্ঘ সময়ৰ অন্তৰালত নেজেৰে জন্ম লাভ কৰিছে এটি শিশুই। স্বাভাৱিকতে এই ঘটনাক সাধাৰণভাৱে ল’ব পৰা নাই চিকিত্সমক তথা অভিভাৱকে। সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিছে এই ঘটনাই। লেটিন আমেৰিকাৰ দেশ ব্ৰাজিলত ১২ চেণ্টিমিটাৰ দীঘল নেজৰ সৈতে এটা কেঁচুৱাৰ জন্ম ঘটনাই সম্প্ৰতি চৰ্চা লাভ কৰা দেখা গৈছে। শিশুটোৰ নেজৰ শেষ অংশটো ক্ৰিকেট বলৰ দৰে ঘূৰণীয়া আছিল। কেঁচুৱাটো জন্মৰ সময়ত উপস্থিত চিকিৎসকসকলে ইয়াক এক বিৰল ঘটনা বুলি অভিহিত কৰিছে। কোটিজন শিশুৰ মাজৰ এটা শিশুৰ ক্ষেত্ৰতহে এনে ঘটনা ঘটে বুলিও সদৰী কৰিছে চিকিৎসকে। শিশুটোৰ জন্মসম্পৰ্কীয় তথ্য আৰু আলোকচিত্ৰ এখন মেডিকেল জাৰ্নেলতো শেহতীয়াকৈ প্ৰকাশ পাইছে।


সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, কেঁচুৱাটো ব্ৰাজিলৰ উত্তৰ-পূবৰ উপকূলীয় চহৰ ফৰ্টালেজাৰ এলবাৰ্ট চাবিন চিল্ড্ৰেনছ হস্পিটেলত জন্ম হৈছিল। ঘটনাটো ২০২১ চনৰ জানুৱাৰীত সংঘটিত হোৱা বুলি কোৱা হৈছে। গৰ্ভধাৰণৰ প্ৰায় ৩৫ সপ্তাহৰ পাছত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই জন্ম হৈছিল কেঁচুৱাটিৰ। আল্ট্ৰাচাউণ্ড স্কেনৰ পাছত শিশুটিৰ দেহত নেজ থকাৰ কোনো প্ৰমাণ লাভ কৰা নাছিল চিকিৎসকে। অস্ত্ৰোপচাৰৰ সময়ত শিশুটোৱে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাছিল বুলিও সদৰী কৰিছে জাৰ্নেল অব পেডিয়াট্ৰিক চাৰ্জাৰীৰ কেছ ৰিপ'ৰ্টছে।

উল্লেখ্য যে, চিকিৎসকৰ এটা দলে কেঁচুৱাটোৰ জন্মৰ পাছত অস্ত্ৰোপচাৰ কৰিছিল আৰু সফলতাৰে নেজডাল আঁতৰাই দিছিল। গৰ্ভধাৰণৰ চাৰিৰ পৰা ৮ সপ্তাহৰ ভিতৰত সকলো কেঁচুৱাৰ ভ্ৰূণত নেজ বিকশিত হয়। আৰু ই সাধাৰণতে নাইকিয়া হৈ যায়। কিন্তু ভ্ৰূণত ভিতৰত নেজ বিকশিত নোহোৱা আৰু নেজৰ দৈৰ্ঘ্য বৃদ্ধি হোৱা এনে ঘটনা বিৰল বুলি প্ৰকাশ কৰিছে চিকিৎসক মহলে। কেঁচুৱাটোৰ জন্মৰ সময়ত নেজৰ দৈৰ্ঘ্য আছিল ১২ চেণ্টিমিটাৰ। নেজৰ শেষ অংশটোত ৪ চেণ্টিমিটাৰ ব্যাসৰ এটা বলো আছিল। পৰীক্ষাৰ সময়ত নেজত কাৰ্টিলেজ আৰু হাড়ৰ কোনো অংশ পোৱা নাছিল বুলিও জানিবলৈ পোৱা গৈছে। প্ৰণিধানযোগ্য যে, চিকিৎসা বিজ্ঞানৰ ইতিহাসত এতিয়ালৈকে হাড় অবিহনে নেজৰ শিশুৰ জন্মৰ মুঠ ৪০ টা ঘটনা পঞ্জীয়ন কৰা হৈছে। কিন্তু নেজ আঁতৰোৱাৰ কাৰণ কি আছিল বা শিশুটোৱে এই বৰ্ধিত নেজৰ বাবে বিষ আৰু অস্বস্তিত ভুগিছিল নে তেওঁৰ পৰিয়ালে অস্ত্ৰোপচাৰৰ বাবে অনুৰোধ কৰিছিল? সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?