--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইষ্টানবুলৰ মেয়ৰ তথা তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টায়ীপ এডোগানৰ শীৰ্ষ প্রতিদ্বন্দ্বীক কাৰাৰুদ্ধ কৰা কাৰ্যই বৃদ্ধি কৰা প্ৰতিবাদ দমন কৰিবলৈ তুৰস্কৰ চৰকাৰে কেইবাজনো সাংবাদিকক ঘৰৰ পৰাই আটক কৰে। সোমবাৰে এটা সংবাদ মাধ্যম কর্মী সংস্থাই এই কথা জনায়। 

নিষ্পত্তি নোহোৱা দুৰ্নীতিৰ অভিযোগৰ এটা গোচৰত দেওবাৰে এখন আদালতে আনুষ্ঠানিকভাৱে মেয়ৰ একৰেম ইমামগলুক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক কাৰাৰুদ্ধ কৰাৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে বুধবাৰে ইষ্টানবুলৰ মেয়ৰজনক গ্ৰেপ্তাৰ কৰাৰ পাছত তুৰস্কৰ ৰাজপথত যি ধর্ণা প্রদর্শন হয়, তেনে ধর্ণা দেশখনত এটা দশকতকৈও অধিক কাল দেখিবলৈ পোৱা হোৱা নাছিল।

এনে প্রতিবাদে গণতন্ত্র আৰু আইনৰ শাসনৰ বিষয়ে উদ্বেগ বৃদ্ধি কৰিছে। প্রতিবাদ বৃদ্ধি পোৱাৰ বাবেই চৰকাৰে কমেও ৮জন সাংবাদিক আৰু ফটো সাংবাদিকক আটক কৰি 'সংবাদ মাধ্যমৰ স্বাধীনতা তথা সত্য জনাৰ জনতাৰ অধিকাৰত আক্ৰমণ কৰিছে' বুলি ডিস্ক-বাচিন-ইজ নামৰ সংস্থাটোৱে অভিযোগ কৰে। সংস্থাটোৱে সামাজিক মাধ্যম এক্সত উক্ত সাংবাদিকসকলক তৎক্ষণাৎ মুক্তি দিবলৈ দাবী জনাই চৰকাৰক কয়, 'আপোনালোকে সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰি সত্যক লুকুৱাব নোৱাৰিব।' 

উল্লেখযোগ্য যে মেয়ৰজনক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ দিনাৰ পৰা (১৯ মার্চ) আৰক্ষীয়ে মুঠ ১,৩৩৩জন লোকক আটক কৰিছে। গৃহ মন্ত্রী আলী য়েৰলিকায়াই এই কথা জনায়। আনহাতে, এই সময়ছোৱাত হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ ১২৩জন লোক আহত হৈছে বুলি জনায় মন্ত্রীজনে কয় যে এচিড, অগ্নিবোমা আৰু ছুৰীৰ দৰে বিপজ্জনক সামগ্রীও আৰক্ষীয়ে জব্দ কৰিছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?