--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজনিশা ৰাজপথত ঘূৰি ফুৰিছে এগৰাকী ৰহস্যময়ী মহিলা। মধ্য প্ৰদেশৰ গোৱালিয়ৰ চহৰত বসবাস কৰা লোকসকল এগৰাকী ৰহস্যময়ী মহিলাৰ কাৰ্যকলাপক লৈ আতংকিত হৈ পৰিছে। মাজনিশা এই সন্দেহজনক তথা ৰহস্যময়ী মহিলাগৰাকীয়ে ৰাজপথত ঘূৰি ফুৰে আৰু প্ৰতিটো ঘৰৰ দুৱাৰৰ মুখত ৰৈ কলিংবেল বজায়। মানুহে যেতিয়া দুৱাৰ খুলি চায় তেতিয়া কাকো দেখা নাপায়। 

এই মহিলাগৰাকীৰ এই কাৰ্যকলাপ অঞ্চলটোৰ ঘৰবোৰত লগোৱা চিচিটিভি কেমেৰাত বন্দী হৈছে যদিও তেওঁৰ মুখখন স্পষ্টকৈ দেখা পোৱা নাই৷ এই ৰহস্যময়ী মহিলাগৰাকীৰ উপস্থিতিৰ বাবে অঞ্চলটোত ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ৰাইজ আতংকিত হৈ পৰিছে।

চিচিটিভিৰ ফুটেজত স্পষ্টকৈ দেখা গৈছে যে এই মহিলাগৰাকীয়ে মাজনিশা ৰাজপথেৰে খোজ কাঢ়ি প্ৰতিটো ঘৰৰ দুৱাৰৰ মুখত ৰৈ কলিংবেল বজাইছে। আশ্চৰ্যজনক কথাটো হ’ল এই সময়ছোৱাত ৰাস্তাত থকা কুকুৰ, গৰু আদিয়ে মহিলাগৰাকীক দেখি ভয় খাই ভিৰাই লৰ মাৰিছে। কুকুৰ, গৰু আদিৰ এই লক্ষণে আৱাসীসকলৰ মাজত শংকা আৰু বঢ়াই তুলিছে। ৰাইজে এই মহিলাগৰাকী ভূত বা অশৰীৰী কিবা বস্তু বুলি সন্দেহ কৰিছে কিয়নো কাৰণ জীৱ-জন্তুৱে অশৰীৰীৰ উপস্থিতি বেছিকৈ অনুভৱ কৰিব পাৰে।

একাংশই ইয়াক অলৌকিক ঘটনা বুলি গণ্য কৰি থকাৰ বিপৰীতে কোনোৱে এয়া মানুহৰে দুষ্টামি হ’ব পাৰে বুলিও ব্যক্ত কৰিছে।

এই ৰহস্যময়ী মহিলাগৰাকীৰ এই কাৰ্যত ভয় খাইছে অঞ্চলটোৰ ৰাইজ। ভূতৰ ভয় দূৰ কৰিবলৈ বহু পৰিয়ালে ভগৱান আৰু কালী মাক বিশ্বাসেৰে পূজা কৰি আছে। 

অৱশ্যে এই বিষয়ত আৰক্ষীয়ে এতিয়াও কোনো লিখিত অভিযোগ পোৱা নাই যদিও ভাইৰেল চিচিটিভি ফুটেজ দেখাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰঞ্জন শৰ্মাই কয় যে, "আমি এই সন্দৰ্ভত কোনো লিখিত অভিযোগ পোৱা নাই, কিন্তু ভাইৰেল ভিডিঅ'টোৰ আধাৰত আমি গোৱালিয়ৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিশা টহল বৃদ্ধি কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো। বৰ্তমান এই সন্দেহজনক মহিলাগৰাকীক বিচাৰি উলিওৱাত আৰক্ষী ব্যস্ত হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?