--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়াৰ পৰা বাবৰ আজমক পাকিস্তানৰ অধিনায়ক হিচাপে দেখা নাযাব এদিনীয়া আৰু টি-২০ত। পাকিস্তানৰ পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমে অধিনায়ক পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ পূৰ্বেও বাবৰ আজমে এদিনীয়া শৃংখলাৰ পাছতে অধিনায়কৰ দায়িত্বৰ অব্যাহতি লৈছিল বাবৰ আজমে৷ ক্ৰিকেটাৰ গৰাকীয়ে সমাজিক মাধ্যমত অব্যাহতিৰ কথা ঘোষণা কৰি কয় যে তেওঁ ছেপ্টেম্বৰ মাহত পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পিচিবি) আৰু দল মেনেজমেণ্টক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল।

পাকিস্তানৰ ক্ৰিকেটাৰ গৰাকীয়ে অব্যাহতিৰ কথা ঘোষণা কৰি কয় যে দলক নেতৃত্ব প্ৰদান কৰাটো এক সন্মানৰ বিষয়, কিন্তু এই দায়িত্বৰ বাবে কামৰ বোজাও বৃদ্ধি পাইছে। মই খেল প্ৰদৰ্শনৰ ওপৰত অগ্ৰাধিকাৰ দিয়াৰ লগতে বেটিং উপভোগ কৰিব বিচাৰো আৰু পৰিয়ালৰ সৈতে  সময় কটাব বিচাৰো, যিয়ে মনসিক সন্তুষ্টি প্ৰদান কৰে। অধিনায়কৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছত খেল আৰু ব্যক্তিগত বিকাশৰ ওপৰত অধিক মনোনিৱেশ কৰিব পাৰিম৷

তেওঁ লগতে উল্লেখ কৰিছে যে, অনুৰাগীৰ সমৰ্থন আৰু সমৰ্থকসকলে তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে কৃতজ্ঞ। অনুৰাগীসকলৰ উৎসাহ তেওঁৰ বাবে প্ৰেৰণা স্বৰূপ। আমি যিখিনি অৰ্জন কৰিছো তাৰ বাবে মই গৌৰৱান্বিত আৰু এজন খেলুৱৈ হিচাপে দলৰ অংশ হ'বলৈহে আগ্ৰহী। অনুৰাগীৰ  মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনায়৷

উল্লেখযোগ্য যে বাবৰ আজমে পাকিস্তানৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰা এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০২৩ চনৰ বিশ্বকাপত দুৰ্বল প্ৰদৰ্শনৰ পাছত তেওঁক পাকিস্তানৰ অধিনায়ক পদৰ পৰা আঁতৰাই দিয়া হৈছিল। অৱশ্যে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে তেওঁক হোৱাইট বল দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। কিন্তু ক্ৰিড়াবিদ গৰাকীয়ে পুনৰ অধিনায়কৰ পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এনে পৰিস্থিতে পাকিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব লাগিব, এই শৃংখলাত শ্বান মাছুদ অধিনায়ক দায়িত্ব গ্ৰহণ কৰিব। কিন্তু, বাবৰ আজমৰ পদত্যাগৰ পাছত এতিয়া পিচিবিৰ সন্মুখত এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল কোন হ’ব পৰৱৰ্তী হোৱাইট বল ক্ৰিকেটৰ অধিনায়ক?
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?