--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় দুৰ্গা পূজা বা দুৰ্গোৎসৱ। আহিন মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। বসন্ত কালৰ দুৰ্গাপূজাক বাসন্তী পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনা যায়।

প্ৰাচীন কালৰে পৰাই অসমত দুৰ্গা পূজা প্ৰচলিত হৈ আছে। ধৰ্মীয় দৃষ্টিকোণেৰে দুৰ্গা পূজাৰ বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা জড়িত হৈ আছে। গতিকে দেখা যায় যে যিবোৰ অশুভ শক্তি আছে, সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দেৱী দুৰ্গা। সেয়েহে যুগে যুগে হিন্দুধৰ্মৰ শাক্তসকলে দেৱী দুৰ্গাক সমাজৰ পৰা অপায়-অমংগল, বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে।

দুৰ্গা পূজা পাঁচদিন পালন কৰা হয়। দুৰ্গা পূজাৰ প্ৰথম দিনটোক ‘বোধন’। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা। ষষ্ঠীৰ দিনা ‘বিল্ব বোধন’ৰে দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছত পূজা কৰি দেৱীক জাগ্ৰত অৱস্থাত অনা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক, বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ। যুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বুলিও কোৱা হয়।

সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভ কৰা হয়। এই মহাসপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত ৯বিধ শস্য থাকে। যেনে- কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেল থাকে। এই ৯বিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই ৰঙাপাৰি শাৰীৰে নকইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱপত্ৰিকা’।

নৱৰাত্ৰিৰ পূজা অষ্টমী তিথিৰ দিনা মহাষ্টমী পূজা কৰা হয়। হিন্দুধৰ্ম বৰ্ষপঞ্জী অনুসৰি আহিন মাহৰ শুক্লা অষ্টমী তিথিকে মহাঅষ্টমী হিচাপে পালন কৰা হয়। দুৰ্গা দেৱী ৯টা ৰূপৰ চৌষষ্ঠী যোগিনী আৰু অষ্টশক্তিক এই দিনটোত উপাসনা কৰা হয়। ভাৰতৰ বিভিন্ন অঞ্চলত ভিন্ন ৰূপত ইয়াৰ ব্যাখ্যা পোৱা যায়। এই অষ্টশক্তি প্ৰকৃততে দুৰ্গাৰেই ভিন্ন ৰূপ। প্ৰতিগৰাকীয়েই নাৰী শক্তিৰ লগতে ভিন্ন ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰে। দুৰ্গা পূজাৰ এই অষ্টশক্তি হ'ল-ব্ৰাহ্মণি, মহেশ্বৰী,  কৌমাৰী,  বৈষ্ণবী,  বৰাহী,  নৰসিংহী,  ইন্দ্ৰাণী আৰু চামুণ্ডা।

শাৰদীয় দুৰ্গা পূজাৰ নৱমী তিথিত মহানৱমী পালন কৰা হয়। প্ৰবাদ অনুসৰি মহাশক্তি দুৰ্গাই মহিষাসুৰ বধৰ বাবে এই দিনটোতে মহিষমৰ্দিনী ৰূপ আৰু সংহাৰী যুঁজৰ আছিল অন্তিমটো দিন। দেৱী দুৰ্গাই সমস্ত শক্তিৰে নৱমীৰ শেষ ক্ষণত অমোঘ অস্ত্ৰৰে প্ৰহাৰ কৰাৰ ফলত দশমীৰ পুৱাই বধ হৈছিল মহিষাসুৰৰ।

উল্লেখ্য যে দহদিন ধৰি দেৱী দুৰ্গা আৰু মহিষাসুৰৰ যুদ্ধ চলি আছিল আৰু দশম দিনা দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিছিল, এই দিনটোতে অশুভ শক্তিৰ ওপৰত শুভ শক্তিয়ে বিজয় সাব্যস্ত কৰিছিল। সেয়েহে এই দিনটোত বিজয় উছৱ হিচাপে বিজয়া দশমী পালন কৰা হয়। উৎসৱৰ অন্তিম দিনা ভক্তসকলে কোনো জলভাগ বা নদীত দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জন দিয়ে। এই অনুষ্ঠানক দুৰ্গা বিসৰ্জন নামেৰেও জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?