--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পাছৰ পৰা ভাৰতত সন্ত্ৰাসবাদ বিয়পোৱাৰ নতুন কৌশল লৈছে পাকিস্তানে। জম্মু সীমান্তত পাকিস্তানৰ বৰ্ধিত গতিবিধিৰ কথা প্ৰকাশ কৰিছে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে। ভূগৰ্ভৰে সুৰংগ নিৰ্মাণ তথা ড্ৰোন ব্যৱহাৰ কৰি সন্ত্ৰাসবাদী আৰু অস্ত্ৰ-শস্ত্ৰ ভাৰতলৈ প্ৰেৰণৰ ব্যাপক প্ৰচেষ্টাৰ কথা আঙুলিয়াই দি ই দেশখনৰ ষড়যন্ত্ৰৰ গভীৰতাৰ গভীৰতাৰ কথা প্ৰকাশ কৰিছে বিএছএফে।

আৰু পঢ়িব পাৰিব : ভাৰতৰ প্ৰতিষেধক কূটনীতি তুংগত : পাকিস্তানতো ব্যৱহাৰ হ’ব কোভিশ্বিল্ড

এনে প্ৰচেষ্টা ভাৰতে বালাকোটত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পাছত অৰ্থাৎ ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পাছত বৃদ্ধি হোৱা বুলি তথ্য প্ৰকাশ কৰিছে বিএছএফে। বিএছএফে প্ৰকাশ কৰে যে, বিগত দুবছৰমানত সীমান্তত বহিঃশত্ৰুৰ পৰা সৃষ্টি হোৱা প্ৰত্যাহ্বান বহু তৰপীয়া হৈ পৰিছে। নিৰন্তৰভাৱে পাকিস্তানী সেনা, আইএছআই এজেণ্ট, সন্ত্ৰাসবাদী আৰু বিশেষ বাহিনীৰ গতিবিধি সীমান্তত ধৰা পৰিছে।

আৰু পঢ়িব পাৰিব : নাৰীদেহ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ১১ গৰাকী কিশোৰী – যুৱতীক !

কেৱল আন্তঃৰাষ্ট্ৰীয় সীমান্ত অংশতে নহয়, পাকিস্তানী ৰেঞ্জৰ সীমান্ত চকীসমূহত এই গতিবিধি ধৰাৰ পৰাৰ কথা প্ৰকাশ কৰিছে জম্মু প্ৰান্তৰ বিএছএফৰ মহা পৰিদৰ্শক এনএছ জামৱালে। জামৱালে প্ৰকাশ কৰা মতে, পাকিস্তানৰ সেনাই তেওঁলোকৰ ‘কাশ্মীৰ আদৰ্শ’ৰ প্ৰসাৰৰ জৰিয়তে এলঅ’চিৰ ইটো প্ৰান্তত প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা তীব্ৰতৰ কৰি গৈ আছে। ভাৰতবিৰোধী এই কাৰ্যকলাপ বিএছএফৰ বাবে প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি জামৱালে প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?