--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা হৈছে ভাৰতত উৎপাদিত কোভিড প্ৰতিষেধক। ভাৰতৰ ‘প্ৰতিষেধক কূটনীতি’য়ে ক্ৰমাৎ অধিক বিস্তাৰিত ৰূপ লাভ কৰা দেখা গৈছে। শেহতীয়াকৈ ভাৰতত উৎপাদিত ১ লাখ পালি প্ৰতিষেধক প্ৰেৰণ কৰা হৈছে ভাৰতৰ আন এখন বন্ধু ৰাষ্ট্ৰ ওমানলৈ। ভাৰতৰ চুবুৰীয়া ভালেকেইখন দেশলৈ দেশত উৎপাদিত প্ৰতিষেধক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

আৰু পঢ়িব পাৰিব : নাৰীদেহ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ১১ গৰাকী কিশোৰী – যুৱতীক !

যোৱা সপ্তাহত আফগানিস্তানলৈ প্ৰেৰণ কৰা হৈছিল ৫লাখ পালি কোভিড প্ৰতিষেধক। একেদৰে নেপাল আৰু শ্ৰীলংকালৈও প্ৰতিষেধক প্ৰেৰণ কৰিছে ভাৰতে। কেৱল এয়াই নহয়, ভাৰতে নিকাৰাগুৱালৈ ২লাখ পালি কোভিড প্ৰতিষেধক প্ৰেৰণ কৰিব। একেদৰে বাৰ্বাডোছলৈ ১লাখ, ড’মিনিকালৈ ৭০হাজাৰ আৰু মংগোলিয়ালৈ ১.৫লাখ পালি প্ৰতিষেধক ভাৰতে প্ৰেৰণ কৰিব। এই দেশসমূহৰ সৈতে কোভিড প্ৰতিষেধকৰ জৰিয়তেই এক শক্তিশালী কূটনৈতিক সম্পৰ্ক গঢ়ি উঠাৰ বাট মুকলি হৈছে।

ভাৰতে কোভিডৰ বাণিজ্যিক ৰপ্তানিৰ দিশতো উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইজিপ্ত, আলজেৰিয়া, ইউ এ ই, কুৱেইটৰ দৰে দেশে ভাৰতৰ পৰা ইতিমধ্যে প্ৰতিষেধক ক্ৰয় কৰিছে। তদুপৰি ভাৰতে উপহাৰ হিচাপে প্ৰতিষেধক পঠোৱা কেইবাখনো দেশ যেনে, মংগোলিয়া, নিকাৰাগুৱা, ছৌডি আৰৱ, ম্যানমাৰ, বাংলাদেশ, শ্ৰীলংকা আদিয়ে ভাৰতৰ পৰা কোভিড প্ৰতিষেধক ক্ৰয় কৰাৰ বাবে চুক্তিবদ্ধ হৈছে।

আৰু পঢ়িব পাৰিব : ভাঙি পৰিল ভৱন, চাৰিজন আবদ্ধ !

আনহাতে, ভাৰতত উৎপাদিত এষ্ট্ৰাজেনেকাৰ ৭ নিযুত কোভিশ্বিল্ড প্ৰতিষেধক পাকিস্তানৰ বিনামূলীয়া কোভিডবিৰোধী টিকাকৰণ অভিযানত অন্তৰ্ভুক্ত হ’ব। অহা সপ্তাহৰ পৰা দেশখনত এই অভিযান চলিব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিশেষ স্বাস্থ্য বিষয়ক সহকাৰী ডঃ ফাইজল ছুলতানে প্ৰকাশ কৰিছে যে, মাৰ্চৰ ভিতৰত ৭ নিযুত কোভিশ্বিল্ড দেশখনে লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?