--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিটো বিষয়ৰ বাবে বিজেপিৰ সমালোচনাৰ লক্ষ্য হৈ পৰে কংগ্ৰেছ, যিটো বিষয়ৰ বাবে জনতাৰ মনৰ পৰা নিলগলৈ গৈছে কংগ্ৰেছ৷ সেই বিষয়টোৱেই হ‘ল পৰিয়ালতন্ত্ৰ৷ পৰিয়ালতন্ত্ৰই হৈ পৰিছে কংগ্ৰেছৰ পৰিচয়। পুনৰবাৰ এই কথা প্ৰমাণ হ’বলৈ আগবাঢ়িছে। এইবাৰ কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰৰ পতাকাখন বহন কৰিবলৈ ওলাইছে এতিয়া ৰবাৰ্ট ৱাদ্ৰাই। উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন যুঁজ দিয়াৰ মন বান্ধিছে ৱাদ্ৰাই। বিগত ৩০টা বছৰত প্ৰথমতে ছোনিয়া গান্ধীয়ে ৰাজনীতিত পদাৰ্পন কৰিছিল। তাৰ পাছত ৰাজনীতিত প্ৰৱেশ ঘটিছিল ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ। এতিয়া আমেথিৰ পৰা সাংসদ হোৱাৰ মন প্ৰিয়ংকাৰে স্বামী ৰবাৰ্ট ৱাদ্ৰাৰ। কালি ৰবাৰ্ট ৱাদ্ৰাই আকস্মিকভাৱে এটা ৰাজনৈতিক সাক্ষাৎকাৰ প্ৰদান কৰে। সাক্ষাৎকাৰটোত ৱাদ্ৰাই আমেথিৰ পৰা নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰে। আমেথিৰ জনতাই তেওঁক সমষ্টিটোৰ পৰা নিৰ্বাচন খেলাটো বিচাৰিছে বুলি সাক্ষাৎকাৰটোত মন্তব্য কৰে ৱাদ্ৰাই।‌ 

২০১৯ চনলৈকে আমেথি কংগ্ৰেছৰ অভেদ্য দূৰ্গ হিচাপে পৰিচিত আছিল। কিন্তু সেই লোকসভা নিৰ্বাচনত বিজেপিৰ স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক হৰুৱাই কংগ্ৰেছৰ দূৰ্গ ধ্বংস কৰিছিল। এইবাৰ আমেথিত ৰাহুলৰ পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ ইচ্ছা ছোনিয়া গান্ধীৰ জোঁৱাইৰ। বিগত সময়ত এইটো স্পষ্ট হৈছে পৰিয়ালতন্ত্ৰৰ বাবেই কংগ্ৰেছৰ ৰাজনৈতিক বিপৰ্যয়। কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতি জনতাই গ্ৰহণ নকৰে বুলি দিছে স্পষ্ট ইংগিত। ছোনিয়া আৰু ৰাহুল গান্ধীৰ নেতৃত্বৰ বহুকেইটা লোকসভা-বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছে দলটো। তাৰ পাছতো দলটোৱে এৰিব বিচৰা নাই পৰিয়ালতন্ত্ৰ। বৰ্তমান ৰাহুল গান্ধী কংগ্ৰেছ সভাপতি নহ’লেও তেওঁয়েই পৰোক্ষভাৱে কংগ্ৰেছৰ মুৰব্বী। দৰাচলতে ভাৰতীয় ৰাজনীতিত স্থিতি বজাই ৰাখিবলৈকে গান্ধী পৰিয়ালে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছক। শেহতীয়াকৈ জ্যেষ্ঠ নেতা সঞ্জয় নিৰূপমে কংগ্ৰেছ ত্যাগ কৰিছিল। দলত্যাগ কৰি নিৰূপমে কংগ্ৰেছ হাইকমাণ্ডত ৫টা লবী চলা বুলি বিস্ফোৰণ ঘটাইছিল। নিৰূপমৰ মতে কংগ্ৰেছ শীৰ্ষ নেতৃত্বত বৰ্তমান ছোনিয়া,ৰাহুলৰ লগতে প্ৰিয়ংকাৰো লবী। প্ৰিয়ংকা গান্ধীৰ লবীৰে ৰবাৰ্ট ৱাদ্ৰাই এতিয়া বিচাৰিছে নিৰ্বাচনত যুঁজিবলৈ। 

অহা ২০ মে’ত আমেথিৰ লোকসভা নিৰ্বাচন। কিন্তু এতিয়ালৈকে আমেথিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই কংগ্ৰেছে। আমেথিত বৰ্তমান কংগ্ৰেছৰ স্থিতি দুৰ্বল। সেই বাবেই সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ সম্ভাৱনা কম। পুনৰ আমেথিত পৰাস্ত হৈ ৰাজনৈতিক লজ্জাৰ সন্মুখীন হবলৈ নিবিচাৰে ৰাহুলে। এনে প্ৰেক্ষাপটত ৰবাৰ্ট ৱাদ্ৰাই আমেথিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবিলৈ আগবাঢ়িছে। বৰ্তমানলৈ ৱাদ্ৰাই আমেথিৰ টিকট পোৱা নাই যদিও বিজেপিয়ে আক্ৰমণ আৰম্ভ কৰিছে তেওঁৰ বিৰুদ্ধে। ৰবাৰ্ট ৱাদ্ৰাই কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ নিদৰ্শন বুলি মন্তব্য বিজেপি নেতা মনজিন্দৰ সিং শিৰচাৰ। ছোনিয়া গান্ধীৰ জোঁৱাইৰ বাহিৰে ৱাদ্ৰাৰ পৰিচয় কি বুলি প্ৰশ্ন কৰে শিৰচাই। 

আমেথিত বিগত ৫ বছৰত গণভিত্তি দৃঢ় কৰিছে সমষ্টিটোৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে। ৱাদ্ৰাই টিকট পালে কেনেদৰে স্মৃতি ইৰাণীৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিব সেই দিশলৈ দৃষ্টি থাকিব দেশবাসীৰ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?