--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ৮ এপ্ৰিলত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু অংশৰ পৰা দৃশ্যমান হ’ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। সেই দিনটোত আমেৰিকাৰ বহু ঠাইত  দিনতে  অন্ধকাৰ  নামি আহিব। সূৰ্যটোক সেই দিনটোত চন্দ্ৰই ঢাকি ধৰিব আৰু কেতবোৰ বিশেষ স্থানত দিনতে আন্ধাৰ হ’ব। ই এক জটিল মহাজাগতিক পৰিঘটনা। ৮ এপ্ৰিলত  প্ৰায় ৪ মিনিট আৰু ২৮ ছেকেণ্ডৰ বাবে  উত্তৰ আমেৰিকা মহাদেশৰ বহু ঠাইত দিনতে  আন্ধাৰ হ’ব। ভাৰতৰ পৰা অৱশ্যে এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা নাযাব। এনে সূৰ্যগ্ৰহণ  ভাৰতত  ২০৩১ চনলৈকে এনে  সূৰ্যগ্ৰহণ দৃশ্যমান নহ'ব। 

কিন্তু ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’লেও সূৰ্যগ্ৰহণৰ ছবি কেমেৰাত বন্দী কৰিবলৈ সাজু হৈছে ভাৰতে সূৰ্যৰ অধ্যয়নৰ বাবে প্ৰেৰণ কৰা আদিত্য-এল ১- যানে। যান খনে   মহাকাশৰ পৰাই সূৰ্য গ্ৰহণৰ ওপৰত  চকু ৰাখিব। এই মুহূৰ্তত আদিত্য এল যান খন  পৃথিৱী আৰু সূৰ্যৰ মাজৰ লেগ্ৰেঞ্জ বিন্দু বা এল১-ত আছে। পৃথিৱীৰ পৰা যাৰ দূৰত্ব ১৫ লাখ কিলোমিটাৰ। আদিত্য-এল১-ত ছযটা  বিশেষ যন্ত্ৰ আছে। ইয়াৰে দুটা সঁজুলি  গ্ৰহণৰ সময়ত সূৰ্যক পৰ্যবেক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব বুলি  সংশ্লিষ্ট বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। 

সেইবোৰ হৈছে ভিজিবল এমিছন লাইন  কৰোনাগ্ৰাফ (ভিইএলচি) আৰু ছলাৰ আলট্ৰা ভায়’লেট  ইমেজিং টেলিস্কোপ । সেই দুটা যন্ত্ৰই গ্ৰহণৰ সময়ত সূৰ্যৰ ছবি তুলি আৰু সেই ছবি পৃথিৱীলৈ প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।  আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিছে। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰি গৈছে।  
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?