--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে  ড্ৰেগন সৌভাগ্যৰ প্ৰতীক। কিন্তু এনে মূৰ্তি ৰখাৰ বাবে সঠিক দিশৰ প্ৰয়োজন। ড্ৰেগন দৰাচলতে এটি অদ্ভুত কাল্পনিক প্ৰাণী। পূব দিশৰ সৈতে ড্ৰেগন সম্পর্ক আছে। সেইবাবে ফেংছুইৰ  মতে পূব দিশত কাঠত খোদিত ড্ৰেগন মূৰ্তি ৰাখিব পাৰিলে শুভ ফল লাভ কৰা যায় ।

 ড্ৰেগনে কৰ্ম শক্তি বৃদ্ধি কৰাৰ লগতে নতুন কাম কৰিবলৈ মানুহৰ মনত উদ্দীপনাৰ সৃষ্টি কৰে। তদুপৰি ড্ৰেগন হৈছে প্রাণশক্তি তথা উৎসাহৰ প্ৰতীক। সেইবাবে ড্ৰেগনৰ মূৰ্তি যদি ঘৰৰ পূব দিশত ৰাখিব পাৰি তেন্তে সৌভাগ্য আৰু কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি পায়। দৰাচলতে কৰ্মইহে মানুহক সৌভাগ্যৰ বাট মোকলাই দিয়ে। সেয়ে কর্ম শক্তি লাভ কৰিবলৈ মানুহে ড্ৰেগনৰ মূৰ্ত্তি ঘৰৰ পূব দিশত স্থাপন কৰিব লাগে। ড্ৰেগনৰ মূৰ্তি কাঠৰ উপৰি ছেৰামিক ক্ৰিষ্টেল আদিৰ দ্বাৰাও প্ৰস্তুত কৰা হয়। এনেধৰণৰ মূৰ্তিও ঘৰৰ পূব দিশত স্থাপন কৰিব পাৰি ।

 কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল ড্ৰেগনৰ মূৰ্তি কেতিয়াও লোৰে তৈয়াৰ কৰা হ'ব নালাগে। কাৰণ পূব দিশৰ উপাদান হৈছে কাঠ। ধাতুরে কাঠ কাটে। সেইবাবে ধাতুৰ সৈতে কাঠৰ সম্পৰ্ক সদায় বিপৰীতমুখী হয়। পূব দিশত ধাতুৰে নিৰ্মাণ কৰা ড্ৰেগনৰ মূৰ্তি ৰাখিলে হিতে বিপৰীতহে হ'ব পাৰে। ড্রেগনৰ মূর্তি তেনে স্থানত ৰাখিব লাগে যি স্থানত অধিক হাৰত মানুহৰ সমাগম হয়।

 বিশেষকৈ হোটেল, ৰেষ্টুৰেণ্ট, দোকান আদিৰ পূৱ দিশত ড্ৰেগনৰ মূৰ্তি স্থাপন কৰিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ড্ৰেগনৰ মূৰ্তি পিছে কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে। কাৰণ ড্ৰেগন হৈছে সক্ৰিয়তাৰ প্ৰতীক। শোৱনি কোঠাত মানুহে ক্লান্ত শৰীৰ লৈ প্ৰৱেশ কৰে। মানুহে টোপনিৰ জৰিয়তে ক্লান্ত শৰীৰক পুনৰ সক্ৰিয় কৰে । যদি শোৱনি কোঠাত প্ৰাণ শক্তিৰ প্ৰতীক ড্ৰেগনৰ মূৰ্তি ৰখা হয় তেন্তে মানুহৰ টোপনিত ব্যাঘাত জন্মিব। সেইবাবে শোৱনি কোঠাত কেতিয়াও ড্ৰেগনৰ মূৰ্তি ৰাখিব নালাগে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?