--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰযুক্তিৰ বিকাশৰ বাবে মনাৱ জীৱন যিমান সহজ হৈ পৰিছে সমান্তৰালভাৱে সমস্যাৰো সৃষ্টি কৰিছে৷ সম্প্ৰতি দ্ৰুতভাৱে পোৱা চাইবাৰ অপৰাধৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে এই লৈ চিন্তা ব্যক্ত কৰিছে। 

শনিবাৰে ৰাঁচীৰ মেছৰাস্থিত বিৰলা ইনষ্টিটিউট অৱ টেকন'লজিৰ ৭০ বছৰীয়া জয়ন্তী অনুষ্ঠান উদ্বোধন কৰি বৰ্ধিত চইবাৰ অপৰাধকলৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰযুক্তিয়ে যেনেকৈ মানুহক উন্নত জীৱন দিছে, প্ৰযুক্তিৰ অপব্যৱহাৰে মানুহক ক্ষতিও কৰিছে৷ ইয়াৰ দ্বাৰা গ্ৰাম্যজনসাধাৰণো প্ৰভাৱিত হৈছে। সেয়ে তেওঁলোকৰ মাজতো এই সজাগতা সৃষ্টি কৰিব লাগিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি, মেছৰাই মহাকাশ আৰু ৰকেট বিজ্ঞানক আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে। একে সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় আধুনিক প্ৰযুক্তিৰ সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য বিজ্ঞানৰ প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহে সকলো স্তৰতে প্ৰচাৰ কৰাটো প্ৰয়োজন।

লগতে কয় এইটো লক্ষ্য ৰাখিব লাগিব যে এই বিষয়টো অধ্যয়ন কৰাৰ সুযোগ কেৱল কেইজনমান লোকৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, সকলো শ্ৰেণীৰ লোকে যাতে বিষয়টো অধ্যয়ন কৰাৰ সুযোগ পায়। কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিজ্ঞান অধ্যয়নৰ সুযোগ যাতে ছোৱালীয়েও পায় তাৰ বাবে শিক্ষানুষ্ঠানসমূহ আগবাঢ়ি আহিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?