ডিজিটেল ডেস্কঃ সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত ভাগ লৈ বিপদত পৰিছে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। শ্ব’টোত এজন প্ৰতিযোগীক ৰণবীৰে পিতৃ-মাতৃৰ যৌন জীৱনৰ বিষয়ে প্ৰশ্ন কৰিছিল, যাৰ ফলত ইণ্টাৰনেটত হুলস্থুলৰ সৃষ্টি হৈছিল।
এই হুলস্থুল ইমানেই বাঢ়ি গ’ল যে জনসাধাৰণৰ লগতে নেতা, ৰাজনীতিবিদ আৰু ধৰ্মীয় সংগঠনেও ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে ওলাই আহিল। বিষয়টো সংসদলৈ যোৱাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ৰণবীৰৰ নামত এফআইআৰ পঞ্জীয়ন কৰা হয়।
আজি ক্ৰাইম বাঞ্চত হাজিৰ হ'ব লাগিব বিতৰ্কিত ইউটিউবাৰ ৰনবীৰ এলাহবাদিয়া ৷ সামাজিক মাধ্যম এক্সৰ জৰিয়তে আৰক্ষীক সহযোগিতা কৰাৰ কথা উল্লেখ ৰনবীৰৰ৷ তেওঁ এক্সৰ এটা পোষ্টত লিখিছে,‘ 'পিতৃ মাতৃক লৈ কৰা মন্তব্য মোৰ ভুল আছিল ৷সকলোৰে ওচৰত মই ক্ষমা প্ৰাৰ্থী ৷ মোৰ মৃত্যুৰ প্ৰতি ভাবুকি আহিছে ৷ মোক একাংশই মাৰিবলৈ বিছাৰি আছে ৷ মই পলাই যোৱা নাই আৰক্ষীক সহযোগিতা কৰিম ৷