--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ উপ নিৰ্বাচনৰ প্ৰচাৰ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে৷ শেহতীয়াকৈ বিহালীৰ আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি আপে মুকলি কৰে কেজৰিৱালৰ গেৰাণ্টি কাৰ্ড। সমষ্টিটোৰ বৰগাঙত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ৫ দফীয়া গেৰাণ্টি কাৰ্ড মুকলি কৰে।

দলৰ প্ৰাৰ্থী অনন্ত গগৈয়ে গেৰাণ্টি কাৰ্ড পাঠ কৰি কয়, নিৰ্বাচনী যুঁজত সমষ্টিটোৰ ভোটাৰ সকলৰ সমৰ্থন লাভ কৰি বিজয়ী হ'লে আপে নিম্নোল্লিখিত ৫ টা গেৰাণ্টি পূৰণ কৰিবলৈ দায়বদ্ধ হৈ থাকিব। বিগত দিনত স্বাস্থ্য, শিক্ষা, পথ যোগাযোগ আৰু অন্যান্য ক্ষেত্ৰত অনগ্ৰসৰ হৈ থকা বিহালী সমষ্টিৰ অন্তৰ্গত বাট পথ নিৰ্মাণ, সকলো সা-সুবিধা যুক্ত চৰকাৰী চিকিৎসালয় আৰু বিদ্যালয় গৃহ নিৰ্মাণৰ পদক্ষেপ হাতত ল'ব। স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ স্মৃতিত এখন উন্নত মানৰ বিদ্যালয় স্থাপন কৰা হ’ব।

সমষ্টিটোৰ প্ৰায় ৬০ শতাংশ লোক চাহ জনগোষ্ঠী-আদিবাসী সম্প্ৰদায়ৰ।চাহ বাগিচাৰ শ্ৰমিক সকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰনৰ বাবে আমি যুঁজিব।বিহালী সমষ্টিৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হ’ব। তদুপৰি, অৰুণাচল প্ৰদেশৰ সৈতে বিহালী সমষ্টি সংলগ্ন আমাৰ আন্তঃৰাজ্যিক সীমান্তৰ সুৰক্ষাৰ ব্যৱস্থা কৰিম।আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিহালী সমষ্টিলৈকে সম্প্ৰসাৰিত অঞ্চলত পূৰ্বৰ পৰাই বসবাস কৰি থকা কৃষক সকল যাতে কোনোপধ্যেই ক্ষতিগ্ৰস্ত নহয় সেয়া নিশ্চিত কৰা হ’ব। 

সংবাদমেলত উপস্থিত থকা আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয়, দীৰ্ঘদিন এই সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছে। কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। তেওঁলোকৰ জনবিৰোধী নীতিয়ে ৰাইজক আমুৱাইছে। বিহালী বাসীৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকে কোনো উন্নয়নমূলক আঁচনি ৰূপায়ন কৰা নাই। সেইবাবেই আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ প্ৰতি বিহালী বাসীয়ে সমৰ্থন আগবঢ়াব। আম আদমী পাৰ্টিৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈ বিজয়ী হ'লে এই পাঁচটা গেৰাণ্টি ৰূপায়ন কৰিবলৈ বদ্ধ পৰিকৰ বুলি সদৰি কৰে। সংবাদমেলত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ উপৰি ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াও উপস্থিত আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?