--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ টেলিভিচন জগতৰ আইকনিক টিভি শ্ব’ ‘শক্তিমান’ পুনৰ আহি আছে৷যি আছিল ৯০ৰ দশকৰ ল’ৰা-ছোৱালীৰ প্ৰিয়  ছুপাৰহিৰোৰ চৰিত্ৰ৷ এতিয়া ১৯ বছৰৰ পাছত মুকেশ খান্নাই পুনৰবাৰ অনুৰাগীসকলক শক্তিমানৰ টিজাৰ মুকলি কৰি অনুৰাগীসকলক নষ্টালজিক কৰি তুলিছে৷

অভিনেতা গৰাকীয়ে বহু প্ৰত্যাশিত ‘শক্তিমান’ৰ প্ৰত্যাৱৰ্তনৰ কথা ঘোষণা কৰি নিজৰ ইনষ্টাগ্ৰামত পোষ্টাৰ আৰু টিজাৰ মুকলি কৰাৰ পাছতে অনুৰাগীৰ বিশেষ সঁহাৰি দেখিবলৈ পোৱা গ’ল৷ আইকনিক ছুপাৰহিৰো উভতি অহাৰ বাতৰিয়ে কৌতুহলৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত।

অভিনেতা গৰাকীয়ে কয় তেওঁৰ উভতি অহাৰ সময় আহি পৰিছে, যি আছিল প্ৰথম ভাৰতীয় ছুপাৰহিৰো! উভতি অহাৰ সময়ত পুনৰ লৈ আহিছে সত্যৰ জয় অসত্যৰ পৰাজয়।কেৱল ভীষ্ম আন্তঃৰাষ্ট্ৰীয় ইউটিউব চেনেলত উপলব্ধ হ’ব ধাৰাবাহিক খন।ইয়াৰ পূৰ্বে প্ৰথমে ডিডি নেচনেলত ১৯৯৭ চনৰ ১৩ ছেপ্টেম্বৰৰ পৰা ২০০৫ চনৰ ২৭ মাৰ্চলৈকে সম্প্ৰচাৰিত হৈছিল।

ধাৰাবাহিক খনৰ ইনষ্টাগ্ৰামত পোষ্টাৰ আৰু টিজাৰ মুকলি হোৱাৰ পাছতে শৈশৱৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে অনুৰাগীসকল৷ধাৰাবাহিক খনলৈ পূৰ্বৰ দৰেই বিপুল সঁহাৰি দেখুৱাইছে অনুৰাগীয়ে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?