--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : সমাগত নিৰ্বাচনক লৈ উঠি-পৰি লাগিছে বিজেপি মিত্ৰজোঁট৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীত্বক লৈ অনুষ্ঠিত হৈছে ইখনৰ পাছত সিখনকৈ বৈঠক৷ আজি অতুল বৰাৰ দিছপুৰৰ বাসগৃহত অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে পুনৰ বৈঠকত মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ আহিব মোদী ! বিজেপিৰ প্ৰস্তুতি আৰম্ভ

হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত উপস্থিত আছে মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, উৎপল দত্ত তথা অগপৰ আন শীৰ্ষ নেতৃত্ব৷ অগপ-ইউপিপিএলৰ সৈতে আসন বুজাবুজি সম্পৰ্কীয় আলোচনা ৯৯% সফল হোৱা বুলি জানিব পৰা গৈছে৷ আজি সন্ধিয়া ৫ বজাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে মিত্ৰদলৰে আসন বুজাবুজি সম্পৰ্কীয় চূড়ান্ত বৈঠক অনুষ্ঠিত হ’ব।

আৰু পঢ়িব পাৰিব : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ

আনহাতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে সন্ধিয়া ৭ বজাত নিৰ্বাচনী কৌশল সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ'ব৷ আজি দিনৰ ১ বজাত দিল্লীলৈ ৰাওনা হ'ব বিজেপি আৰু অগপৰ নেতৃত্ব৷ বিজেপিৰ হৈ দিল্লীলৈ যাব মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, ফণী শৰ্মা, দিলীপ শইকীয়া আৰু অজয় জামাল৷ এইবাৰ নিৰ্বাচনত মহিলা প্ৰার্থীক অগ্রাধিকাৰ দিয়া হ'ব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?