--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : ঐকমত্যত উপনীত হ’ব পৰা নাই নৱগঠিত দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্ব। বিজেপিৰ বিৰুদ্ধে একত্ৰিত ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলোৱা দুয়োটা দলৰ শীৰ্ষ নেতাৰ মন্তব্যত দেখা গৈছে মতবিৰোধ। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্পৰ্কীয় সিদ্ধান্ত বিপৰীত মেৰুত অৱস্থান কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে বুজা-পৰা কৰিব বিচৰাৰ পৰিৱৰ্তে আজাপ-এ নিবিচাৰে কংগ্ৰেছৰে মিত্ৰতা।

আৰু পঢ়িব পাৰিব : ‘নোখোৱাকৈ কাম কৰিব নোৱাৰোঁ, আমাক খৰি দিয়ক, ৰেচন দিয়ক’

অখিল গগৈয়ে বিৰোধী দলসমূহলৈ প্ৰেৰণ কৰিছিল এখন মুকলি চিঠি, যত তেওঁ বিজেপিক ৰোধৰ বাবে এ আই ইউ ডি এফক বাদ দি কংগ্ৰেছকে ধৰি সকলোকে একত্ৰিত হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনাইছিল। কিন্তু অখিল গগৈৰ এই আহ্বান নসাৎ কৰিলে স্বয়ং ৰাইজৰ দলৰ সহযোগী অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

আজি নাহৰকটীয়াত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত নেতাগৰাকীয়ে কয়, তেওঁৰ দলে কেতিয়াও বিজেপি আৰু কংগ্ৰেছৰ সৈতে একেলগ নহয় বুলি নিশ্চিত কৰে। সাংবাদিকে অখিল গগৈৰ আহ্বানৰ প্ৰসংগ উত্থাপন কৰি প্ৰশ্ন কৰাত তেওঁ সেয়া ৰাইজৰ দলৰ নিজা মত বুলি মন্তব্য কৰি কংগ্ৰেছৰ সৈতে অজাপৰ কেতিয়াও মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে।

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ আহিব মোদী ! বিজেপিৰ প্ৰস্তুতি আৰম্ভ

তেওঁ বিজেপি আৰু কংগ্ৰেছক অতিমানৱ বুলি কটাক্ষও কৰে। বিজেপি-কংগ্ৰেছৰ আদৰ্শগত পাৰ্থক্য নাই বুলি মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছৰে মিত্ৰতাৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে নস্যাৎ কৰে। একেদিনাই দুটাকৈ সহযোগী দলৰ দুজন শীৰ্ষ নেতাৰ এনে পৰস্পৰ বিৰোধী মন্তব্য ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?