--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ জন্ম দিনৰ পূৰ্বে ৮ ডিচেম্বৰ দেওবাৰে বিজেপিয়ে বৰিষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তেওঁ আমেৰিকাৰ ব্যৱসায়ী জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ পুঁজিৰে চলি থকা এটা সংগঠনৰ সৈতে সম্পৰ্ক আছে৷ যিটো সংগঠনে স্বাধীন কাশ্মীৰৰ ধাৰণাক সমৰ্থন কৰিছে। এক্সৰ এটা প’ষ্টৰ জৰিয়তে ছোনিয়া গান্ধীৰ সৈতে এই সম্পৰ্কই ভাৰতৰ আভ্যন্তৰীণ বিষয় সমূহত বহিৰাষ্ট্ৰৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷ 

প্ৰাপ্ত তথ্য অনুসৰি ছোনিয়া গান্ধী ফ’ৰাম অৱ ডেম’ক্ৰেটিক লিডাৰ্ছ ইন এছিয়া-পেচিফিক (এফডিএল-এপি) ফাউণ্ডেশ্যনৰ সহ-সভাপতি যিটো জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ পুঁজিৰে গঠিত সংগঠনটোৰ সৈতে জড়িত বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে৷ 

অৱশ্যে বিজেপিয়ে ভাৰতক অস্থিৰ কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ অভিযোগ আমেৰিকাই নাকচ কৰিছে৷ ইয়াৰ বিপৰীতে লোকসভাত এই বিষয়ত বিৰোধী নেতা ৰাহুল গান্ধীক ১০টা প্ৰশ্ন কৰাৰ কথা সদৰি কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই৷ লগতে বিজেপিৰ সাংসদগৰাকীয়ে কয় যে মিডিয়া পৰ্টেল, সংগঠিত অপৰাধ আৰু দুৰ্নীতি প্ৰতিবেদন প্ৰকল্প (অ’চিচিআৰপি) আৰু ছ’ৰ’ছে বিৰোধীৰ সৈতে মিলি ভাৰতৰ অৰ্থনীতি ধ্বংস কৰাৰ লগতে মোডী চৰকাৰক বদনাম কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ আনিছে।

বিজেপিয়ে অভিযোগ অনুসৰি ৰাহুল গান্ধীয়ে আদানীক লৈ অনুষ্ঠিত সংবাদমেল জৰ্জ ছ’ৰ’ছৰ পুঁজিৰে অ’চিচিআৰপিয়ে লাইভ টেলিকাষ্ট কৰিছিল। ইয়াৰ দ্বাৰা তেওঁলোকৰ মাজত শক্তিশালী আৰু বিপজ্জনক সম্পৰ্ক প্ৰকাশ পাইছে আৰু ভাৰতীয় অৰ্থনীতিক নিম্নগামী কৰাৰ প্ৰচেষ্টাক স্পষ্ট কৰি তুলিছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ৰাজহুৱাভাৱে জৰ্জ ছ’ৰ’ছক ‘পুৰণি বন্ধু’ বুলি অভিহিত কৰিছে বুলিও  উল্লেখ কৰিছে৷ ইয়াৰোপৰি আমেৰিকাৰ সহযোগত অ'চিচিআৰপি আৰু ৰাহুল গান্ধীৰ সৈতে ষড়যন্ত্ৰ কৰি ভাৰতৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছিল বুলি বিজেপিয়ে ৫ ডিচেম্বৰত দাবী কৰিছিল।

ইফালে কংগ্ৰেছে মোডী চৰকাৰে আদানীক বচাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ বাবে যৌথ সংসদীয় সমিতি গঠনৰ দাবী জনাইছে। এই বিষয়টো কংগ্ৰেছে সদনতো উত্থাপন কৰিছে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?