--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জৰ্জিয়া ৱল আৰু এলিজ পেৰীৰ শতক অৰ্জনৰ সহায়ত দেওবাৰে মহিলাৰ দ্বিতীয়খন এদিনীয়াত ভাৰতক ১২২ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে অষ্ট্ৰেলিয়াই। দ্বিতীয়খন এদিনীয়া খেলি থকা যুৱ বেটছমেন উলে মাত্ৰ ৮৭টা বলত ১০১ ৰানৰ ইনিংছেৰে কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে পেৰীয়ে ৬টা ছয় আৰু ৭টা বলত ১০৫ ৰান সংগ্ৰহ কৰি ভাৰতীয় বলাৰসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰে ।

অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ৮ উইকেটত ৩৭১ ৰান সংগ্ৰহ কৰাৰ পিছত ভাৰতৰ ৪৫.৫ অভাৰত ২৪৯ ৰানত অল আউট হয়। ফবি লিচফিল্ড (৬০) আৰু ৱলৰ উদ্বোধনী যুটিয়ে ১৩০ ৰানৰ অংশীদাৰিত্বৰে অষ্ট্ৰেলিয়াক এক সুন্দৰ আৰম্ভণি দিয়ে।

ইয়াৰ পাছতে ৱ’লে দ্বিতীয় উইকেটৰ বাবে পেৰীৰ সৈতে ৯২ ৰানৰ অংশীদাৰিত্ব কৰে। ৱ’লৰ আউট হোৱাৰ পাছতো পেৰীয়ে আগ্ৰাসী বেটিং অব্যাহত ৰাখিছিল আৰু বেথ মুনীৰ সৈতে ৫৬ ৰানৰ অংশীদাৰিত্বৰে ভাৰতীয় বলাৰসকলক কামবেক কৰাৰ সুযোগ নিদিলে। ভাৰতীয় বলাৰৰ ভিতৰত আটাইতকৈ সফল আছিল ছাইমা ঠাকোৰ। তেওঁ ৬২ ৰানত তিনিটা উইকেট দখল কৰে। মিন্নু মণিয়ে ৭১ ৰানত দুটা উইকেট দখল কৰাৰ বিপৰীতে ৰেনুকা সিং (৭৮ ৰানত এটা উইকেট), দীপ্তি শৰ্মাই (৫৯ ৰানত এটা উইকেট), আৰু প্ৰিয়া মিশ্ৰই (৮৮ ৰানত এটা উইকেট)উইকেট লাভ কৰে।


ইনিংছ অপেনিং কৰিবলৈ অহা ৰিচা ঘোষে ৭২টা বলত ৫৪ ৰান সংগ্ৰহ কৰে যদিও জেমিমাহ ৰড্ৰিগেছ (৪৩) আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে ৩৮ ৰান সংগ্ৰহ কৰি এই আৰম্ভণিক বৃহৎ ইনিংছলৈ ৰূপান্তৰিত কৰাত ব্যৰ্থ হয়। যোৱা অভাৰত মিন্নু মণিয়ে ৪৫টা বলত অপৰাজিত হৈ ৪৬ ৰান সংগ্ৰহ কৰিছিল কিন্তু তেওঁৰ অৱদানৰ বাবে দলৰ পৰাজয়ৰ ব্যৱধান হ্ৰাসহে হ’ব পাৰে।

অষ্ট্ৰেলিয়াৰ হৈ এনাবেল চাথাৰলেণ্ডে ৮.৫ অভাৰত ৩৮ ৰানত ৪টা উইকেট দখল কৰে। প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ৫ উইকেটত জয়লাভ কৰে। বুধবাৰে ৱাকা খেলপথাৰত অনুষ্ঠিত হ’ব শৃংখলাৰ অন্তিমখন খেল।

 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?