--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’লৱে বিভাগে সোমবাৰে গ্ৰহণ কৰে বিনেশ ফ’গাট আৰু বজৰং পুনিয়াৰ পদত্যাগ। শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে দুয়োগৰাকী মল্লযুঁজাৰুৱে ৰে’লৱেৰ চাকৰিৰ পৰা পদত্যাগ কৰিছিল। বিনেশ ভাৰতীয় ৰেলৱেত অ’ এছ ডি স্প’ৰ্টছ হিচাপে কাম কৰি আছিল। আনহাতে বজৰঙেও একেটা পদতে আছিল। কংগ্ৰেছত যোগদান কৰাৰ লগে লগে দলটোৱে জুলানাৰ পৰা বিনেশক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰাৰ লগতে বজৰং পুনিয়াক কৃষক শাখাত অন্তৰ্ভুক্ত কৰে।

ৰে’লৱে বিভাগে পদত্যাগ মঞ্জুৰ কৰাৰ পিছতে বিনেশ ফ’গাটে বৃহৎ সকাহ পাইছে। এতিয়া তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট সম্পূৰ্ণৰূপে মুকলি হৈছে। যদিহে তেঁওৰ পদত্যাগ মানি লোৱা নহ’লহেঁতেন তেন্তে ফ’গাটে নিৰ্বাচনত প্ৰৱেশ কৰিবলৈ নোৱাৰিলেহেঁতেন ৷ আইনৰ মতে যদি কোনো ব্যক্তিয়ে চৰকাৰী পদত অধিষ্ঠিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে তেন্তে প্ৰথমে পদত্যাগ কৰি বিভাগৰ পৰা এনঅ’চি ল’ব লাগিব।

নামভৰ্তিৰ সময়ত এনঅ’চিখনো নথিসমূহৰ লগত সংলগ্ন কৰিব লাগে, তেতিয়াহে ৰিটাৰ্নিং অফিচাৰে আবেদন গ্ৰহণ কৰিব। অহা ৫ অক্টোবৰত হাৰিয়ানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, যাৰ বাবে মনোনয়ন অব্যাহত আছে। ইয়াৰ শেষ তাৰিখ ১২ ছেপ্টেম্বৰ, তাৰ ঠিক আগতে বিনেশ ফ’গাটৰ বাবে এইটো এটা সকাহৰ খবৰ।


কংগ্ৰেছে বিনেশ ফ’গাটক জুলানাৰ পৰা টিকট দিছে। দীৰ্ঘদিন ধৰি জুলানাত আসন জয় কৰাৰ অপেক্ষাত আছিল কংগ্ৰেছ। ২০০৫ চনতে কংগ্ৰেছে শেষবাৰৰ বাবে এই আসনত জয়লাভ কৰিছিল। দলৰ অৱনতিৰ বাবেই বিনেশ ফ’গাটক প্ৰাৰ্থী হিচাপে নিযুক্ত কৰিছে। বিনেশৰ প্ৰতিযোগী হ’ব বৰ্তমানৰ জননায়ক জনতা পাৰ্টিৰ বিধায়ক অমৰজীত ধনদা।

২০১৯ৰ বিধানসভা নিৰ্বাচনত জেজেপিয়ে জয়লাভ কৰিছিল। বিজেপিৰ পৰমিন্দৰ সিং ধুলক ২৪,১৯৩ হাজাৰ ভোটত পৰাস্ত কৰে অমৰজীত ধনদাই। ধনদাই ৬১,৯৪২টা ভোট লাভ কৰাৰ বিপৰীতে ধূলে ৩৭,৭৪৯ হাজাৰ ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?