--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভাৰ বিৰোধী নেতা ৰাহুলগান্ধীয়ে আমেৰিকা ভ্ৰমণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে কৰা এক মন্তব্যক লৈ বিৰোধী পক্ষৰ নেতাগৰাকীৰ উপৰত সৰৱ হৈ উঠে কেন্দ্ৰীয়মন্ত্ৰী গিৰিৰাজ সিং৷ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে ‘যদি মৃতকৰ সৈতে যোগাযোগ কৰিব পৰা কোনো প্ৰযুক্তি আছে তেন্তে ৰাহুল গান্ধীয়ে তেওঁৰ আইতাক ইন্দিৰা গান্ধীক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভূমিকা সম্পৰ্কে সুধা উচিত৷’ 

‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ভাৰতক এটা ধাৰণা বুলি বিশ্বাস কৰে, কিন্তু আমি বিস্বাশ কৰোঁ যে ভাৰত এক বহুল ধাৰণা’বুলি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে প্ৰদান কৰা মন্তব্যৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে তিব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্যকৰি লয়। 

ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত ডালাছত ভৰতীয় প্ৰবাসী সকলক সম্বোধন কৰি প্ৰদান কৰা ভাষণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সমালোচনা কৰি কয় যে ‘জাতি, ধৰ্ম, ভাষা, সংস্কৃতি-পৰম্পৰা, ইতিহাস নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰিবলৈ দিয়াৰ লগতে সকলোকে নিৰ্দিষ্ট স্থান দিয়া উচিত৷ এয়া এখন যুঁজ, যি নিৰ্বাচনৰ সময়ত স্পষ্ট হৈ পৰিব যেতিয়া জনসাধাৰণে বুজি উঠিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংবিধানৰ ওপৰত আক্ৰণ চলাই আহিছে৷ৰাহুল গান্ধীয়ে লগতে কয় যে ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে  মানুহৰ ভয় হেৰাই গৈছে।’ 

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘ৰাহুল গান্ধীয়ে আৰ.এছ.এছক বুজিবলৈ কেইবাজনমো লাগিব৷ লগতে বিৰোধী নেতাগৰাকীক কটাক্ষ কৰি কয় বহিঃৰাজ্যলৈ গৈ দেশক সমালোচনা কৰাসকলে আৰ এছ এছক প্ৰকৃতাৰ্থত বুজিব নোৱাৰে।লগতে কয় ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ মাজেৰে আৰ এছ এছৰ জন্ম হৈছিল।’ কেৱল দেশৰ ভাবমূৰ্তি কলংকিত কৰিবলৈহে ৰাহুল গান্ধীয়ে বহিঃৰাজ্যলৈ যায় বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?