--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ আৰু বিনোদ কাম্বলী দুয়ো একেলগে পঢ়া-শুনা কৰিছিল আৰু একেলগেই খেলা-ধূলা কৰি আহিছে। লগতে অভিলেখো গঢ়িলে। ৯০ৰ দশকত ভাৰতীয় ক্ৰিকেটত নতুন উচ্চতাত উপনীত হোৱাৰ ক্ষেত্ৰত দুয়োৰে অংশীদাৰিত্ব সমান। কিন্তু বিনোদ কাম্বলীৰ কেৰিয়াৰৰ শেষ আৰম্ভণিৰ দৰে নহ’ল। সেই দৌৰত শচীন আগবাঢ়ি গ’ল। আনহাতে কাম্বলীৰ কেৰিয়াৰ একবিংশ শতিকাত প্ৰৱেশ কৰাৰ আগতেই স্তব্ধ হৈ পৰিছিল। 

শচীনৰ এবছৰৰ পিছত অভিষেক ঘটোৱা বিনোদ কাম্বলিয়ে ২০০০ চনত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। একে সময়তে শচীনে ২০১৩ চনত নিজৰ কেৰিয়াৰৰ পৰা বিদায় লয়। অৱসৰৰ পিছত শচীন আৰু কাম্বলি দুয়োজনে বিচিচিআইৰ পৰা পেঞ্চন লাভ কৰে। অৱশ্যে দুয়োৰে পেঞ্চনৰ পৰিমাণৰ পাৰ্থক্য আছে।

বিনোদ কাম্বলীতকৈ বেছি পেঞ্চন পায় শচীন টেণ্ডুলকাৰে। কিন্তু, প্ৰশ্নটো হ’ল কিমান? শচীন আৰু কাম্বলিয়ে লাভ কৰা পেঞ্চনত কিমান পাৰ্থক্য আছে? বিচিচিআইৰ পৰা প্ৰতিমাহে দুয়োজনে লাভ কৰা পেঞ্চনত ২০ হাজাৰ টকাৰ পাৰ্থক্য আছে। সহজ ভাষাত ক’বলৈ গ’লে প্ৰতিমাহে বিচিচিআইয়ে কাম্বলীতকৈ শচীনক ২০ হাজাৰ টকা বেছিকৈ দিয়ে।

এক প্ৰতিবেদন অনুসৰি প্ৰতিমাহে বিচিচিআইৰ পৰা শচীন টেণ্ডুলকাৰে লাভ কৰা পেঞ্চনৰ ধন ৫০ হাজাৰ টকা। একে সময়তে বিচিচিআইৰ পৰা বিনোদ কাম্বলিয়ে প্ৰতিমাহে ৩০ হাজাৰ টকা অৰ্থাৎ ২০ হাজাৰ টকা কম। বৰ্তমান কাম্বলিয়ে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে, সেই পৰিস্থিতিত বিচিচিআইৰ পৰা পোৱা পেঞ্চনটোৱেই তেওঁৰ একমাত্ৰ উপাৰ্জনৰ উৎস। সেই পেঞ্চনৰ ধনৰ উপৰিও শচীন ১৪০০ কোটি টকাৰ সম্পত্তিৰো মালিক।

ভাৰতীয় ক্ৰিকেটত বিনোদ কাম্বলী আৰু শচীন তেণ্ডুলকাৰৰ মাজত ডাঙৰ পাৰ্থক্য আছে। কাম্বলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল মাত্ৰ ৯ বছৰ, আনহাতে শচীনে দুটা দশকৰো অধিক সময় খেলিছিল। ভাৰতৰ হৈ কাম্বলিয়ে ১৭খন টেষ্ট আৰু ১০৪খন এদিনীয়া খেলিছিল, য’ত সামগ্ৰিকভাৱে তেওঁ ৩৫০০ৰো অধিক ৰান সংগ্ৰহ কৰিছিল। আনহাতে শচীন টেণ্ডুলকাৰে ২০০ খন টেষ্ট, ৪৬৩ খন এদিনীয়া আৰু ১ টা টি-২০ খেলিছিল। এই সময়ছোৱাত তেওঁ মুঠ ৩৪৩৫৭ ৰান সংগ্ৰহ কৰি ১০০টা শতক অৰ্জন কৰে। বিনোদ কাম্বলী আৰু শচীন তেণ্ডুলকাৰৰ ক্ৰিকেটত এই পাৰ্থক্যৰ প্ৰভাৱ দুয়োজনে লাভ কৰা পেঞ্চনৰ ওপৰতো দেখা যায়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?