--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অপহৰণৰ গোচৰ ৰুজো হৈছিল দেশৰ অন্যতম বিখ্যাত কমেডিয়ান সুনীল পাল। এই খবৰটোৱে সকলোকে আচৰিত কৰি তুলিছিল। এই খবৰত তেওঁৰ শুভাকাংক্ষী আৰু অনুৰাগীসকলো যথেষ্ট বিচলিত হৈ পৰে। অপহৰণকাৰীয়ে সুনীল পালৰ পৰা মুক্তিপণৰ বাবে ২০ লাখ টকা দাবী কৰিছিল যদিও ৭.৫ লাখ টকা আদায় দি মুকলি কৰি দিয়া হয়। 

এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছিল। গোচৰটো উত্তৰ প্ৰদেশৰ মেৰুঠৰ সৈতে জড়িত আছিল। কিন্তু এতিয়া এই বিষয়ত আৰক্ষীয়ে অধিক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। আৰক্ষীৰ মতে, সুনীল পালক অপহৰণ কৰা হোৱা নাছিল আৰু তেওঁ নিজেই অপহৰণ কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

এই বিষয়ত শেহতীয়াকৈ মেৰুঠ আৰক্ষীয়ে কয় যে কোনো অপহৰণ হোৱা নাই, এই সকলোবোৰ মিছা! কমেডিয়ান সুনীল পালে নিজেই তেওঁৰ অপহৰণৰ পৰিকল্পনা কৰিছিল। তেওঁৰ ফোন কলৰ অডিঅ’ও ভাইৰেল হৈ পৰিছে। এতিয়া উত্তৰ প্ৰদেশ আৰক্ষীয়ে মুম্বাই আৰক্ষীৰ সৈতে কথা পাতি যিকোনো সময়তে এই বিষয়টো প্ৰকাশ কৰিব পাৰিব। পোহৰলৈ আহিছে সুনীল পালৰ অডিঅ’।

এই লেনদেন সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ একাউণ্ট ফ্ৰীজ কৰি ৰখাৰ কথা আৰক্ষীক জনোৱাৰ লগে লগে বিষয়টোৱে গতি লাভ কৰে। তদন্তত দেখা গ’ল যে অপহৰণকাৰীয়ে মুক্তিপণৰ ধনেৰে ৬ লাখ টকাৰ গহনা ক্ৰয় কৰিছিল। দিল্লীৰ পৰা অপহৰণ কৰি ২০ লাখ টকা মুক্তিপণৰ দাবী। সুনীল পালে দিয়া ধনেৰে অপহৰণকাৰীয়ে গহনা ক্ৰয় কৰে। এতিয়া এই বিষয়ত এটা বেলেগ কোণ সংযোজন কৰা হৈছে। সুনীল পাল আৰু অপহৰণকাৰীৰ মাজত হোৱা কথা-বতৰাও পোহৰলৈ আহিছে। এই কথা-বতৰাত সকলো কেৱল মিছা হৈ পৰিছে ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?