--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদ কেতিয়া কেনেকৈ আহে সেয়া কোনেও ক’ব নোৱাৰে। এখন বিয়াঘৰত হঠাতে এনে এক বিপদৰ সৃষ্টি হ’ল যে সেই কথা জানিলে আপুনিও আচৰিত হৈ পৰিব।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সুন্দৰকৈ চলি আছিল এক বিবাহ অনুষ্ঠান। সকলোৰে মুখত হাঁহি, মনত আনন্দ। ৰীতি-নীতি অনুযায়ী সকলোখিনি ধুনীয়াকৈ চলি আছিল কিন্তু হঠাতে ৰাইজৰ মাজত লাগিল হুৱাদুৱা। মুহূৰ্ততে বিয়াঘৰত বিৰাজ কৰিলে আতংকময় পৰিৱেশ।
Lucknow: Leopard entered the marriage party, bride and groom ran away after getting upset, see the terror in t
পৰিস্থিতি এনেকুৱা আছিল যে হাঁহি হাঁহি ফটো তুলি থকা কইনাজনীয়ে বান্ধৱীৰ সৈতে সেই স্থানৰ পৰা পলায়ন কৰে। পৰিয়াল, আত্মীয়-স্বজন, অতিথি সকলোৱে লগালে দৌৰা-ঢপৰা। দৰায়েও জাপ মাৰিলে খিৰিকীৰে। আচলতে কি ঘটিছিল তাত? 
Lucknow: Leopard entered the marriage party, bride and groom ran away after getting upset, see the terror in t
ঘটনা অনুসৰি বিয়াঘৰত প্ৰবেশ কৰিছিল এটা প্ৰকাণ্ড নাহৰফুটুকী। মুখৰ আগত নাহৰফুটুকী দেখি সকলোৰে জীৱ যাওঁ যাওঁ অৱস্থা। হাতৰ মুঠিত প্ৰাণটো বান্ধি সকলোৱে লগালে দৌৰ।

লক্ষ্ণৌৰ পাৰা থানা এলেকাৰ এম এম মেৰেজ লনত বিবাহ অনুষ্ঠান চলি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত দ্বিতীয় মহলাত নাহৰফুটুকীটো দেখি এজন অতিথিয়ে ভয় খাই ওপৰৰ পৰা জপিয়াই দিয়ে। ইয়াৰ বাবেই তেওঁ আহত হয় আৰু তাৰপাছত বিবাহ ভৱনত বিশৃংখলতাৰ সৃষ্টি হয়।
Lucknow: Leopard entered the marriage party, bride and groom ran away after getting upset, see the terror in t
বিয়াত উপস্থিত থকা সকলোৱে নিৰাপদ স্থানলৈ গমন কৰে আৰু বন বিভাগক খবৰ দিয়া হয়। তথ্য লাভ কৰাৰ লগে লগে বন বিষয়াৰ এটা দল সেই স্থানত উপস্থিত হোৱাৰ লগে লগে নাহৰফুটুকী উদ্ধাৰ অভিযান আৰম্ভ হয়। এই সময়তে নাহৰফুটুকীটোৱে বিষয়াসকলক আক্ৰমণ কৰে আৰু বন বিষয়া মুকাদ্দাৰ আলী আহত হয়। অশেষ প্ৰচেষ্টাৰ অন্তত অৱশেষত বৃহস্পতিবাৰে পুৱা ৪ বজাত বনবিভাগে নাহৰফুটুকীটো ধৰিবলৈ সক্ষম হয়। আনহাতে, আহত বন বিষয়া মুকাদ্দাৰ আলী স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 
Lucknow: Leopard entered the marriage party, bride and groom ran away after getting upset, see the terror in t
এই ঘটনাই অঞ্চলটোৰ স্থানীয় লোকৰ সুৰক্ষাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?