--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ক লৈ হোৱা বিতৰ্কৰ পিছত এতিয়া সময় ৰাইনাই শ্ব’টোৰ সকলো খণ্ড ডিলিট কৰিছে। 

‘ইণ্ডিয়াজ গট লেটেণ্ট’ক লৈ হোৱা বিতৰ্কৰ পিছত এতিয়া শ্ব’টোৰ আয়োজক সময় ৰাইনাই শ্ব’টোৰ সকলো খণ্ড ডিলিট কৰিছে। এই হুলস্থুলৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়াও এক্সত পোষ্ট কৰিছে । এই সকলোবোৰ চম্ভালিবলৈ তেওঁৰ বাবে কঠিন হৈ পৰিছিল বুলি তেওঁ কৈছে। ইয়াৰ উপৰিও সময়ে এই সমগ্ৰ বিষয়টোত সংস্থাসমূহক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও জনাইছে।

সময় ৰাইনাই নিজৰ পোষ্টত লিখিছে -যিয়েই নহওঁক এই ঘটনা, মোৰ বাবে অত্যধিক হৈ পৰিছে ৷ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ সকলো ভিডিঅ' মোৰ চেনেলৰ পৰা আঁতৰাই দিলোঁ। মোৰ একমাত্ৰ উদ্দেশ্য আছিল মানুহক হাস্যৰস,মনোৰঞ্জন আৰু ভাল সময় দিয়া। তেওঁলোকৰ তদন্ত যাতে নিৰপেক্ষভাৱে সম্পূৰ্ণ হয় তাৰ বাবে মই সকলো সংস্থাৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিম। ধন্যবাদ।'

উল্লেখ্য যে এতিয়ালৈকে খাৰ আৰক্ষীয়ে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ বিতৰ্ক সন্দৰ্ভত ৬ জন লোকৰ মন্তব্য লিপিবদ্ধ কৰিছে। আশীষ চাঞ্চলনী আৰু অপূৰ্ব মাখিজাৰ বক্তব্যও লৈছে আৰক্ষীয়ে। তেওঁলোকৰ বিবৃতিত অপূৰ্ব মাখিজা আৰু আশীষ চাঞ্চলনীয়ে শ্ব’টোৰ বিষয়ে কৈছিল যে ইয়াৰ চিত্ৰনাট্য নাই। শ্ব’টোত বিচাৰক আৰু অংশগ্ৰহণকাৰীসকলক মুকলিকৈ কথা পাতিবলৈ কোৱা হয়।

আশীষ আৰু অপুৰ্বই কয় যে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত বিচাৰকক পাৰিশ্ৰমিক দিয়া নহয়। অৱশ্যে বিচাৰকসকলে শ্ব’টোৰ বিষয়বস্তু নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব পাৰে। এই অনুষ্ঠানত দৰ্শক হিচাপে অংশগ্ৰহণ কৰিবলৈ হ’লে টিকট কিনিব লাগে। টিকট বিক্ৰীৰ পৰা যি ধন আহে সেই ধন শ্ব’ৰ বিজয়ীক দিয়া হয়।

সময় ৰাইনা দেশৰ বাহিৰত খকাৰ বাবে আৰক্ষীয়ে তেওঁৰ মন্তব্য লিপিবদ্ধ কৰিব নোৱাৰিলে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?