--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওছামা বিন লাডেনৰ নাম শুনাৰ লগে লগে আপুনি কল্পনা কৰে অপৰাধ জগতৰ সেই ভয়াবহ মুখখন, যিয়ে আনৰ প্ৰাণ কাঢ়ি লোৱাৰ আগতে এবাৰো চিন্তা কৰা নাছিল। এজন ভয়ংকৰ সন্ত্ৰাসবাদীয়ে হিন্দী গীত ভাল পাব বুলি জানি আপুনিও হয়তো আচৰিত হৈছে।

কিন্তু এই কথা সঁচা ৷ আল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনে হিন্দী গীতৰ প্ৰতি অতি আকৰ্ষিত আছিল। বলীউডৰ উদিত নাৰায়ণ, কুমাৰ ছানু আৰু আলকা য়াগনীকৰ গীতবোৰৰ তেওঁ অনুৰাগী আছিল। এই কথা পোহৰলৈ আহে যেতিয়া ওছামা বিন লাডেনৰ এবটাবাদৰ নিৰাপদ ঘৰত অভিযান চলাই কম্পিউটাৰত ১০০ৰো অধিক হিন্দী চলচ্চিত্ৰ গীতৰ সংগ্ৰহ উদ্ধাৰ হয়।


এক সাক্ষাৎকাৰত বলীউডৰ ছুপাৰহিট গায়িকা অলকা য়াগনীকক এই বিষয়ে সোধাত তেওঁ কয় যে, ‘ওছামা বিন লাডেন হয়তো সন্ত্ৰাসবাদী কিন্তু তেওঁ যদি মোৰ গীতবোৰ ভাল পায় তেন্তে মোৰ দোষ নাই। ডাঙৰ অপৰাধী বা সন্ত্ৰাসবাদী হ’লেও তেওঁৰ ভিতৰত লুকাই আছিল এজন সৰু শিল্পী যাৰ বাবেই তেওঁ শিল্পীক সন্মান কৰে।’

ওছামা বিন লাডেনৰ কম্পিউটাৰত পোৱা গীতসমূহৰ ভিতৰত আছিল অজয় ​​দেৱগণ আৰু কাজলৰ ছবি ‘প্যাৰ তো হোনা হী থা’ ৰ ‘আজনবী মুঝ্কো ইতনা বাটা’, ছলমান খান আৰু মাধুৰী দীক্ষিতৰ ছবি ‘দিল তেৰা আছিক’ ৰ টাইটেল ট্ৰেক আৰু ১৯৯৪ চনৰ ছবি ‘জানে’ ৰ উদিত নাৰায়ণৰ গীত ‘তু চান্দ হে পুনম কা’ ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?