--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত আমেৰিকান প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি সাংসদ কংগনা ৰানাৱটে। মাণ্ডীৰ সাংসদগৰাকীয়ে দাবী কৰে যে গুজৰাটেই হওক বা আন যিকোনো ৰাজ্যই হওক বিগত দশকত কোনো ধৰণৰ বিবাদ সংঘটিত হোৱা নাই।আগতে আমি প্ৰতিদিনে শুনিছিলোঁ যে বোমা বিস্ফোৰণ ঘটিছে, বিমান হাইজেক হৈছে, হোটেলত আক্ৰমণ হৈছে, কিন্তু বৰ্তমান এনেকুৱা একো দেখা পোৱা নাই ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপি সাংসদগৰাকীয়ে কয়, "এনেদৰে আমি স্বাধীনতাৰ উশাহ লৈ আছো। প্ৰশাসন, চৰকাৰ, গৃহ মন্ত্ৰণালয় আৰু প্ৰধানমন্ত্ৰীৰ বাবে এইটো সহজ কাম নহয়। আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। দেশৰ নিৰাপত্তা বাহিনীক লৈ আমি কৃতজ্ঞ হোৱা উচিত।"

গুজৰাট বিবাদৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিলে লেক্স ফ্ৰিডমেনে। লেক্স ফ্ৰিডমেনে সুধিলে যে সেই কাণ্ডৰ পৰা আপুনি কি শিকিলে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুজৰাট বিবাদৰ আগৰ আঠ-দহ মাহত বিশ্ব পৰ্যায়ত সন্ত্ৰাসবাদ, ৰক্তপাত আৰু নিৰীহ লোকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছিল, এইদৰে অশান্তিৰ সৃষ্টি কৰিবলৈ এটা ফিৰিঙতিয়েই যথেষ্ট। কিন্তু এতিয়া ইয়াত শান্তিপূৰ্ণ পৰিৱেশ ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘২০০১ চনৰ ৭ অক্টোবৰত মুখ্যমন্ত্ৰী হৈছিলো। তেতিয়া মোৰ আটাইতকৈ ডাঙৰ দায়িত্ব আছিল গুজৰাটৰ ভূমিকম্পৰ পিছত পুনৰ্বাসনৰ কাম কৰা। শপত লোৱাৰ পিছত প্ৰথম দিনাৰ পৰাই এই কামত জড়িত হৈ পৰিলোঁ।’ তেওঁ লগতে কয় যে যদি আমি ২০০২ চনৰ আগৰ তথ্য চাওঁ তেন্তে গুজৰাটত ২৫০ টাতকৈও অধিক বৃহৎ বিবাদ সংঘটিত হৈছিল। ১৯৬৯ চনত সংঘটিত হোৱা এই বিবাদ ছমাহ ধৰি চলিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আদালতে ইয়াক (গুজৰাট দাঙ্গা) দুবাৰ বিশ্লেষণ কৰিছিল। অপৰাধ সংঘটিত কৰাসকলৰ বাবে আদালতে নিজৰ কাৰ্য কৰিলে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল ২০০২ চনৰ পাছত কোনো বৃহৎ বিবাদ সংঘটিত হোৱা নাই ৷ বৰ্তমান গুজৰাটত সম্পূৰ্ণ শান্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?