--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আশংকা কৰাৰ দৰেই সোমবাৰৰ দিনটো পৰিণত হ'ল ব্লেক মানডে'ত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে উদ্যোগপতি ইলন মাস্কৰে মিলি আৰম্ভ কৰা শুল্ক যুদ্ধৰ বিৰুদ্ধে এহাতে যিদৰে আমেৰিকা আৰু ইউৰোপত জনজাগৰণৰ সূচনা হৈছে, জনতা প্রতিবাদমুখৰ হৈছে, ঠিক সেইদৰে সোমবাৰে 'ব্লেক মানডে”ৰ দিনা বিশ্বৰ শ্বেয়াৰ বজাৰসমূহত অভাবনীয় পতনৰ সূচনা হয়। ইয়াৰ লগে লগে লাখ লাখ কোটি টকাৰ লোকচান ভৰি বিশ্বজুৰি বিনিয়োগকাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। 

বিশ্বৰ বিভিন্ন দেশত যি হাৰত শ্বেয়াৰ বজাৰসমূহত পতন আৰম্ভ হৈছে ই বিশ্বৰ অৰ্থনীতিকে পুনৰ মন্দাৱস্থালৈ নিয়াৰ লক্ষণ স্পষ্ট কৰি তোলে। কেইবাখনো দেশত শ্বেয়াৰ বজাৰৰ পতনে অভিলেখৰো সৃষ্টি কৰে। বিশ্বত সোমবাৰে ৮১৬.৮৯ লাখ কোটি টকাৰ লোকচান হয়
বিনিয়োগকাৰীৰ। অৱশ্যে, বিশ্বৰ আন দেশৰ তুলনাত কালি ভাৰতীয় বজাৰৰ অৱস্থা সিমান বেয়া নাছিল বুলি কোৱা হৈছে। কালি আটাইতকৈ বেছি পতন দেখা যায় ভাৰতক বাদ দি এছিয়াৰ বজাৰত। হংকঙৰ শ্বেয়াৰ বজাৰৰ সূচকাংকই কালি অভিলেখৰ সৃষ্টি কৰে। হংকঙৰ শ্বেয়াৰ বজাৰৰ সূচকাংক হেংছেং কালি ১৩% অৱনমিত হয়। ই হ'ল ২০০৮ চনৰ পাছত হেংছেঙৰ সৰ্ববৃহৎ পতন। আনহাতে, চীনৰ শ্বাংহাই কম্প 'জিট ৭.৩৪% তললৈ নামে। টাইৱানৰ সূচকাংক টায়েক্স কালি ৯.৭ অৱনমিত হোৱাৰ পাছত শ্বেয়াৰ বজাৰৰ লেনদেন মাজভাগতে বন্ধ ৰখা হয়। ইফালে, জাপানৰ নিক্কেই ২২৫ কালি ৮.৫% অৱনমিত হয় আৰু 'বিয়েৰ মাৰ্কেট জ'ন'ত প্ৰৱেশ কৰে। 

উল্লেখযোগ্য যে বিয়েৰ মার্কেট জ'নত প্ৰৱেশ কৰা মানে দীঘলীয়া সময়ৰ বাবে শ্বেয়াৰ বজাৰত শ্বেয়াৰৰ মূল্য হ্রাস পোৱাৰ প্ৰৱণতাৰ ধাৰা অব্যাহত থকা। পাকিস্তানতো কালি শ্বেয়াৰ বজাৰত হাহাকাৰৰ সৃষ্টি হয়। কৰাচী ষ্টক এক্সচেঞ্জৰ সূচকাংক সোমবাৰে ৬% অর্থাৎ ৭,২০০তকৈ অধিক পইন্ট অৱনমিত হোৱাৰ পাছত বজাৰৰ লেনদেন সাময়িকভাৱে বন্ধ ৰখা হয়। অৱশ্যে, পাছত লেনদেন পুনৰ আৰম্ভ কৰা হয়। ইফালে, বিশ্বৰ আন দেশৰ বজাৰতো একেধৰণৰ জোকাৰণি দেখা
যায়। ইউৰোপৰ বজাৰতো ট্রাম্পৰ শুল্ক যুদ্ধই ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে। 

জার্মানিৰ ডি এ এক্স সূচকাংক কালি বজাৰত লেনদেন আৰম্ভ হোৱাৰ সময়তে ১০% অৱনমিত হয়। ফ্ৰান্সৰ চি এ চি সূচকাংক ৫.৬%, লণ্ডনৰ এফ টি এছ ই ১০০ কালি দুপৰীয়ালৈকে ৪.৭% অৱনমিত হয়। আনহাতে, ছুইডেনৰ সূচকাংক ৭%, ছুইজাৰলেণ্ডৰ ৬.৮%, স্পেইনৰ ৬.২%, অষ্ট্ৰেলিয়াৰ ৬.১%, মালয়েছিয়াৰ সূচকাংক ৪.৫%, ৰাছিয়াৰ শ্বেয়াৰ বজাৰৰ সূচকাংক ৩.৮% আৰু ছৌডি আৰবৰ শ্বেয়াৰ বজাৰৰ সূচকাংক কালি দুপৰীয়ালৈকে ৩.৩% অৱনমিত হৈছে। এই দেশবোৰত বজাৰৰ লেনদেন সামৰাৰ পৰলৈ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?