--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চলিত আই পি এলত আঘাত সমস্যাত জৰ্জৰিত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। দলৰ একাধিক তাৰকা বলাৰ আঘাত সমস্যাত ভুগি আছে। প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে মহছিন খান। দীর্ঘ আঘাত সমস্যা একাষৰীয়া কৰি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেললৈ উভতি আহে আকাশদীপ। 

ইয়াৰ উপৰি, আন এগৰাকী বেগী বলাৰ মায়ংক যাদৱ এতিয়াও ফিট হৈ উঠা নাই। মায়ংকৰ আঘাত সমস্যা সন্দৰ্ভত এইবাৰ মুখ খুলিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ (এল এছ জি) প্ৰশিক্ষক জাষ্টিন লেংগাৰে। 

যোৱা অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ সময়তে আঘাত সমস্যাত ভোগে মায়ংকে। তাৰ পাছৰ পৰাই তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি আছে। অৱশ্যে, তাৰকা বেগী বলাৰ মায়ংক ক্ৰমশঃ ফিট হৈ উঠিছে। মায়ংক নিজৰ কাংক্ষিত বলিং স্তৰৰ প্ৰায় ৯০-ৰ পৰা ৯৫ শতাংশ অতিক্ৰম কৰিছে বুলি জানিবলৈ দিছে লেংগাৰে। 

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলৰ পাছত লেংগাৰে কয়, 'মই যিমানদূৰ জানো মায়ংকে ৰাষ্ট্ৰীয় ক্রিকেট একাডেমিত যথেষ্ট পৰিশ্ৰম কৰিছে। তেওঁ শেহতীয়াকৈ আৰম্ভ কৰা বলিং অনুশীলনৰ এক ভিডিঅ' দেখা পালোঁ। তেওঁ প্রায় ৯০-ৰ পৰা ৯৫ শতাংশ কৰিবলৈ সক্ষম হৈছে। তেওঁ প্রায় ফিট হৈ উঠা বিষয়টো ভাৰতীয় ক্রিকেট তথা আই পি এলৰ বাবে সু-খবৰ।
 
যোৱা ছিজনত তেওঁৰ প্ৰভাৱশালী প্রদর্শন আমি সকলোৱে দেখা পালোঁ। মোৰ মতে তেওঁতকৈ ভাৰতৰ আন কোনো বলাৰে অধিক বেগত বলিং কৰিব পাৰে বুলি নাভাবোঁ। সেইবাবেই তেওঁক লৈ ইমান চর্চা চলিছে।'

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?