--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য গুজৰাটত আজিৰে পৰা বহিব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধিৱেশন। মহাত্মা গান্ধীৰ জন্মস্থান সবৰমতি নদীৰ পাৰত অনুষ্ঠিত হ'ব এই অধিৱেশন। 

উল্লেখযোগ্য যে ১৯৪২ চনত বেলগাম অধিৱেশনত মহাত্মা গান্ধীক কংগ্ৰেছৰ সভাপতি নির্বাচিত কৰা হৈছিল। মহাত্মা গান্ধীক কংগ্ৰেছৰ সভাপতি নির্বাচিত কৰাৰ শতবর্ষ সম্পূর্ণ হোৱাৰ উপলক্ষত ইয়াত কংগ্ৰেছৰ অধিৱেশনৰ আয়োজন কৰা হৈছে। আজিৰে পৰা আৰম্ভ হ'বলগীয়া দুদিনীয়া অধিৱেশনৰ নাম দিয়া হৈছে 'ন্যায় পথ'। অধিৱেশনত দলটোৰ সভাপতি মল্লিকার্জুন খর্গে, প্রাক্তন সভানেত্রী ছোনিয়া গান্ধী, লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অংশ গ্রহণ কৰিব। 

প্রায় ৬৪ বছৰৰ পাছত গুজৰাটত আয়োজন কৰা এই অধিৱেশনত দলটোৰ দুই সহস্রাধিক নেতা-কর্মীয়ে অংশগ্রহণ কৰিব। আজি পুৱা ১১ বজাৰ পৰা অধিৱেশন আৰম্ভ হয়। অধিৱেশনত কেইবাটাও ৰাজনৈতিক প্রস্তাব গৃহীত কৰা হ'ব। 

এই প্ৰস্তাৱসমূহে দলটোৰ ভৱিষ্যৎ ৰাজনৈতিক দিক নির্ণয় কৰিব বুলি কোৱা হৈছে। দলটোৰ নেতাসকল আজি বিয়লি ৫ বজাত গান্ধী আশ্রমলৈ যাব আৰু ভজন-কীর্তনত অংশগ্রহণ কৰিব। আজি নিশা হ'বলগীয়া সাংস্কৃতিক কার্যসূচীত মল্লিকাে সাৰাভাইৰ লগতে আন শিল্পীসকলে অংশগ্রহণ কৰিব। ইয়াত দাণ্ডিয়া আৰু আদিবাসী নৃত্যৰ দৰে অনুষ্ঠানো পৰিৱেশন কৰা হ'ব।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?