--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি অভিনেতা আল্লু অৰ্জুনৰ জন্মদিন । অগণন অনুৰাগীয়ে এই বিশেষ দিনটোত তেওঁক জনাইছে জন্মদিনৰ শুভেচ্ছা । বিশেষ দিনটোত উপহাৰ অভিনেতাগৰাকীয়ে অনুৰাগীলৈ আগবঢ়ালে ৰিটাৰ্ণ গিফ্ট৷ 

আইকনিক তাৰকা আল্লু আৰু এটলীয়ে এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ ওলাইছে । ছান পিকচাৰ্ছ প্ৰডাকচন কোম্পানীৰ বেনাৰত এই প্ৰজেক্টো নিৰ্মাণ হ’ব । ভিডিঅ’টোত দেখা গৈছে যে ভাৰতত চলচ্চিত্ৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত দুয়োগৰাকী তাৰকা বিদেশলৈ উৰা মাৰিছে ।

দুই তাৰকাক দেখা গৈছে লোলা ভিএফএক্সৰ কাৰ্যালয়ত । আল্লু-এটলীয়ে লছ এঞ্জেলছৰ স্পেকট্যকুলাৰ মোশ্যন, ফ্ৰেক্টৰেড এফ এক্স, আই এল এম টেকন’প্ৰপছ, আইৰন হেড ষ্টুডিঅ’ ভ্ৰমণ কৰে । ইয়াৰ পিছত তেওঁলোকে আইৰণ হেড ষ্টুডিঅ’ৰ চিইঅ’ জোছ ফাৰ্ণাণ্ডেজৰ সৈতে সাক্ষাৎ কৰে ।

ভিএফএক্সৰ তত্বাৱধায়ক জেমছ মেডিগানে কয় যে, "মই এই ছবিখনৰ চিত্ৰনাট্য পঢ়িলো । এটাই কথা ক'ম, এই চিত্ৰনাট্যই মোৰ মনটো উৰুৱাই নিলে ।" স্পেকট্যকুলাৰ মোশ্যনৰ কলাত্মক পৰিচালক মাইকে কয় যে তেওঁ কেতিয়াও এনেকুৱা চিত্ৰনাট্য আগতে পঢ়া নাই । এই ছবিখনৰ বাবে তেওঁৰ সৃষ্টি শ্ৰেষ্ঠ হ’ব । দৰাচলতে চিত্ৰনাট্য শুনাৰ পাছত সকলোৱে স্বীকাৰ কৰিছিল যে চিনেমাজগতৰ এনে দৃষ্টিভংগী আগতে কোনেও শুনা নাই ।

ভিডিঅ’টোত আল্লু-এটলীয়ে বিশ্বৰ জনপ্ৰিয় ছুপাৰহিৰো চৰিত্ৰ বেটমেন আৰু স্পাইডাৰমেনৰ মাস্ক পিন্ধা দেখা গৈছে । ইয়াৰ পিছত আধুনিক সঁজুলি ব্যৱহাৰ কৰি অভিনেতাৰ মুখখন স্কেন কৰা হয় । একশ্যন অৱতাৰত অভিনয় কৰিবলৈ সাজু হৈছে আল্লু অৰ্জুন । 

এইখন আল্লু অৰ্জুনৰ ২২ সংখ্যক আৰু এটলীৰ ষষ্ঠখন ছবি, সেয়েহে নিৰ্মাতাসকলে ‘AA22-A6’ হেচটেগটো শ্বেয়াৰ কৰিছে। কেপচনত লিখিছে , ‘এটা ল্যাণ্ডমাৰ্ক চিনেমাৰ বাবে সাজু হওক। নেটিজেনসকলৰ মতে, ‘পুষ্পা’ৰ সফলতাৰ পিছত আল্লুৰ কেৰিয়াৰত এইখন কল্পবিজ্ঞানভিত্তিক ছবিখন এক ডাঙৰ টাৰ্নিং পইণ্ট হ’বলৈ গৈ আছে 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?