--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সোণৰ দাম দিনকদিনে বৃদ্ধি পাই গৈ আছে। ইয়াৰ ফলত এতিয়া সোণ সাধাৰণ মানুহৰ বাবে সহজলভ্য হৈ থকা নাই। কালি সোণৰ দামে সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰে আৰু প্ৰতি দহ গ্ৰামৰ দাম হয়গৈ ৮৩,৭৫০ টকা। 

মন কৰিবলগীয়া যে কালি ২৪ কেৰেটৰ সোণৰ প্ৰতি দহ গ্রামৰ দাম ৯১০ টকা বৃদ্ধি পায়। এসপ্তাহৰ ভিতৰত সোণৰ দাম প্রায় ১,৬০০ টকা বৃদ্ধি পায়। আনহাতে কালি প্রতি কিল'গ্ৰাম ৰূপৰ দাম প্রায় এহেজাৰ টকা বৃদ্ধি পাই ৯৩,০০০ টকা হয়গৈ। ইফালে ১ ফেব্ৰুৱাৰীত কেন্দ্রীয় বাজেট দাখিল কৰা হ'ব। ইয়াৰ আগে আগে ভাৰতীয় শ্বেয়াৰ বজাৰলৈ সুদিন উভতি অহা পৰিলক্ষিত হৈছে। 

শ্বেয়াৰ বজাৰত একেৰাহে দুদিন সূচকাংক ঊর্ধ্বগামী হয়। কালি শ্বেয়াৰ বজাৰত হোৱা উত্থানৰ ফলত বিনিয়োগকাৰীৰ প্রায় ৮ লাখ কোটি টকা লাভ হয়। কালি বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স ৬১৩.৫৫ পইন্ট ঊর্ধ্বগামী হৈ ৭৬,৫৩২.৯৬ পইণ্ট হয়গৈ। আনহাতে ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক নিফটি ২০৫.৮৫ পইন্ট ঊর্ধ্বগামী হৈ ২৩,১৬৩.১০ হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?